অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনাত নীতিগতভাৱে আসন সংৰক্ষণত গুৰুত্ব দিয়া হ'ব অসমীয়াক। আজি সন্ধিয়া এক সংবাদমেলত এইদৰে মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদমেলখনত পূৰ্বৰ কমিটীখন সন্দৰ্ভত উল্লেখ কৰি সেইখন কেৱল চিন্তা-চৰ্চা কৰা কমিটী আছিল বুলি কয়৷ কিন্তু তাৰ পৰিৱৰ্তে এতিয়া কেবিনেটৰ সিদ্ধান্তমৰ্মে নতুন কমিটী গঠন কৰা হৈছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। প্ৰথমবাৰৰ কাৰণে অসমীয়া মানুহৰ দ্বাৰা কমিটীখন গঠন কৰা হৈছে আৰু অসমীয়াৰ দ্বাৰা গঠিত কমিটীয়ে অসমীয়াৰ ভাগ্য নিৰ্ণয় কৰিব বুলিও তেওঁ কয়।
ছয় জনগোষ্ঠীৰ জনাজাতিকৰণ সন্দৰ্ভত ১০ দিনৰ ভিতৰতে সিদ্ধান্ত ঘোষণা কৰাৰো ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীক এটা ঐতিহাসিক সুযোগ দিছে বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।
লগতে তেওঁ আছুৱে জাতিৰ স্বাৰ্থত এই কমিটীখনত অন্তৰ্ভুক্ত হ'ব লাগে বুলিও কয়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিয়ে কেৱল হিন্দুক নাগৰিকত্ব দিব বিচাৰে।
- Log in to post comments
- 42 views