সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আদিৰ ছাত্ৰাৱস্থাৰ সাহিত্য সাধনা ক্ষেত্ৰ কলকাতাত শনিবাৰে উত্তোলিত হ'ল অসম সাহিত্য সভাৰ শতবৰ্ষীয় পতাকা। কলকাতা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সহযোগত অসম ভৱন প্ৰাঙ্গণত অনুষ্ঠিত অসম সাহিত্য সভাৰ শতবৰ্ষৰ বিশেষ অনুষ্ঠানৰ শুভাৰম্ভ কাৰ্যসূচীৰূপে কলকাতা প্ৰবাসী অসমীয়া আৰু সাহিত্য সভাৰ বিষয়ববীয়াই সমস্বৰে গোৱা "অ' মোৰ আপোনাৰ দেশ" গীতৰ মাজতে পতাকা উত্তোলন কৰে কলকাতা শাখা সাহিত্য সভাৰ উপ-সভাপতি দীপকানন্দ ভঁৰালীয়ে।
শাখা সম্পাদক অনুজ গগৈয়ে আঁতধৰা অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে কলকাতা শাখা তথা কলকাতা অসমীয়া সাংস্কৃতিক সমাজৰ উপদেষ্টা শুভাশিস চক্ৰৱৰ্তীয়ে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পুৰোধা প্ৰতিষ্ঠাতাসকলৰ পৰা আৰম্ভ কৰি শিল্পী দীপালী বৰঠাকুৰলৈকে সকলো সাহিত্য কাণ্ডাৰীৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। বিয়লি দীপকানন্দ ভৰালীৰ সভাপতিত্বত অসম ভৱনৰ সভাকক্ষত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ঊনবিংশ শতিকাত কলকাতাৰ মাটিৰ পৰা অসমীয়া ভাষা-সাহিত্যলৈ জোনাক নমাই অনা বৰেণ্য সাহিত্যিকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস আদিৰ প্ৰসঙ্গ উল্লেখেৰে তাহানিৰে পৰা পশ্চিমবংগৰ সৈতে থকা অসমৰ সাংস্কৃতিক সু-সম্পৰ্কৰ কথা ব্যাখ্যা কৰি সেই সম্পৰ্ক চিৰকাল অটুট থাকিব বুলি আশা ব্যক্ত কৰে। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মাই আঁতধৰা আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত পশ্চিমবংগৰ বিখ্যাত নাট্যকাৰ বিভাস চক্ৰৱৰ্তী, সাহিত্য অকাডেমি বঁটা প্ৰাপক ডঃ ৰামকুমাৰ মুখোপাধ্যায়, লোকসংগীতৰ গৱেষক, বিধায়ক ডঃ সুখবিলাস বাৰ্মা, সাহিত্যি অকাডেমিৰ আঞ্চলিক সচিব দেৱেন্দ্ৰ কুমাৰ দেৱেশ, বিশিষ্ট শিল্পী মন্দিৰা লাহিড়ী, সাহিত্য অকাডেমি বঁটা প্ৰাপক বিপুল দেউৰী আদিয়ে বিশিষ্ট অতিথিৰ বক্তৃতা প্ৰদান কৰে।
প্ৰতিগৰাকী বক্তাই দুয়োখন ৰাজ্যৰ মাজত বৌদ্ধিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা দাঙি ধৰি কোনো অশুভ শক্তিয়ে সেই সম্পৰ্কত ঘূণ লগাব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে। বিশিষ্ট সাহিত্যিক শক্তিময় দাস, বাসুদেৱ দাস প্ৰমুখ্যে পশ্চিমবংগৰ বহু লেখক-শিল্পীৰ উপৰি অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক যতীন্দ্ৰনাথ সুত, আন্তঃৰাজ্য-বিদেশ মৈত্ৰীবন্ধন উপ-সমিতিৰ আহ্বায়ক নুৰুল চুলতান, প্ৰকাশন উপ-সমিতিৰ আহ্বায়ক মাণিক আহমেদ, শিল্পী বিদ্যাসাগৰ, ভিতালী দাস, তৰালী শৰ্মা আদি উপস্থিত থকা সভাত প্ৰসিদ্ধ বাউল শিল্পী পূৰ্ণ দাস বাউলক বিশেষ সম্বৰ্ধনা জনোৱা হয়।
মুকলি সভাৰ পিছত অসম ভৱনৰ চৌহদত নিৰ্মাণ কৰা মঞ্চত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়। এটি সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী নৱ দলেয়ে সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি কলকাতা প্ৰবাসী অসমীয়াসকলৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু সাংস্কৃতিক মৈত্ৰীবন্ধনৰ কামত অসম সাহিত্য সভাক তেওঁ পাৰ্যমানে সহায় কৰি যাব বুলি আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত লোকসংগীতৰ বিশিষ্ট গৱেষকৰূপে সুপৰিচিত বিধায়ক ডঃ সুখবিলাস বাৰ্মা, অসমৰ সুকণ্ঠী গায়িকা তৰালী শৰ্মা, ভিতালী দাস, মধুস্মিতা ৰাভা, মনোমিতা ৰয় আৰু জনপ্ৰিয় শিল্পী বিদ্যাসাগৰে গীত পৰিৱেশন কৰে।
দীপালী বৰঠাকুৰৰ পৰা আৰম্ভ কৰি বিহুগীতলৈ বিভিন্ন গীতেৰে অসম ভৱনৰ চৌহদ মুখৰ হৈ উঠা সাংস্কৃতিক সন্ধিয়াটি উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে। প্ৰধান সম্পাদক পদুম ৰাজখোৱাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰা অনুষ্ঠানত তিনিগৰাকী যশস্বী শিল্পী ক্ৰমে ডলি ঘোষ, দেৱযানী চলিহা আৰু মধুমতী গোস্বামীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত কলকাতা শাখা সাহিত্য সভা আৰু সাংস্কৃতিক সমাজৰ সদস্যসকলে অসমৰ পৰা যোৱা সকলোকে উষ্ণ আদৰণি জনায়।
- Log in to post comments
- 175 views