কাইলৈ অৰ্থাৎ ৭ জানুৱাৰী তাৰিখে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০টা সংগঠনৰ সংবাদমেল।
সংবাদমেলখন সম্বোধন কৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয় যে জয়ন্তমল্ল বৰুৱাৰ নৈতিক অধিকাৰ নাই যে কেৱল সদৌ অসম ছাত্ৰ সন্থাইহে অসম চুক্তিৰ ওপৰত বা অসম চুক্তিৰ হৈ মাত মাতিব পাৰিব বুলি ক'ব।
আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাইলৈ দিনটো ঘৃণা দিৱসৰূপে ঘোষণা কৰাৰ লগতে অসমৰ বিভিন্ন ঠাইত ৭০টা সংগঠনৰ লোকসকলক ক'লা পতাকা উত্তোলন কৰিবলৈ আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ।
বিজেপি তথা আৰএছএছ, ৰাজ্য চৰকাৰক ঘৃণাৰে উপচাই পেলাবৰ কাৰণে যি যি কাম কৰিব পাৰে, সকলো ধৰণৰ গণতান্ত্ৰিক কাম-কাজ, সকলো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনায়।
- Log in to post comments
- 47 views