নগাঁও আদালতত অভি-নীল হত্যাকাণ্ডৰ পূৰ্ণাংগ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ : ৪জনৰ সাক্ষ্য গ্ৰহণ

নগাঁও আদালতত অভি-নীল হত্যাকাণ্ডৰ পূৰ্ণাংগ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ : ৪জনৰ সাক্ষ্য গ্ৰহণ

সমগ্ৰ দেশ কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত আজিৰে পৰা পূৰ্ণাংগ ৰূপত আৰম্ভ হৈছে। আজি পুৱা কঠোৰ নিৰাপত্তা বেষ্টনীৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৪৭গৰাকী অভিযুক্তক নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতত হাজিৰ কৰোৱা হয়। গোচৰটোৰ ৬জন সাক্ষীৰ ভিতৰত আজি আদালতে ৪গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰে। আজি গোচৰটোৰ পূৰ্ণাংগ বিচাৰ প্ৰক্ৰিয়াৰ আৰম্ভণিৰ দিনা অভিজিৎ নাথ আৰু নীলোৎপল দাস দুয়োৰে পিতৃ উপস্থিত আছিল।

চৰকাৰী অধিবক্তা বিভা ফুকনে জানিবলৈ দিয়া মতে, গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২ ফেব্ৰুৱাৰীত ধাৰ্য কৰা হৈছে। গোচৰটোৰ ফৈৰাদী পক্ষৰ হৈ চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰৰ নেতৃত্বত দুই অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে আচামী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰে মানস শৰণীয়াৰ নেতৃত্বত তিনিগৰাকী অধিবক্তাই। উল্লেখ্য যে অভি-নীল হত্যাকাণ্ডৰ মুঠ ৪৮জন অভিযুক্ত আছিল যদিও ইয়াৰে এগৰাকী নাবালক হোৱাৰ হেতুকে তেওঁৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল জাষ্টিচ বোৰ্ডত চলিব।

নগাঁও আদালতত অভি-নীল হত্যাকাণ্ডৰ পূৰ্ণাংগ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ : ৪জনৰ সাক্ষ্য গ্ৰহণ

স্মৰ্তব্য যে বিগত বৰ্ষৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা থানাৰ অৰ্ন্তগত পাণজুৰি গাঁৱত সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই যুৱক ক্ৰমে অভিজিৎ নাথ আৰু নিলোৎপল দাসক নৃশংসভাৱে হত্যা কৰা হৈছিল। এই ঘটনা সন্দৰ্ভত ডকমকা থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ অভিভাৱকৰ লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটি ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।

সেই নিৰ্দেশনা অনুসৰিয়েই এতিয়া নগাঁও আদালতত দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজিৰে পৰা পূৰ্ণাংগ ৰূপত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ইপিনে অভি-নীল হত্যাকাণ্ডৰ গোচৰটো ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ হোৱাৰ পিছত অভিযুক্তসকলক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল।

নগাঁও আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত যোৱা ১৮ ছেপ্টেম্বৰ, ১০ অক্টোবৰ, ৮ নৱেম্বৰ, ২২ নৱেম্বৰত আৰু ১ ডিচেম্বৰত নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল।

Your Comments