সংবাদমেলখন সম্বোধন কৰি পলাশ চাংমাই কয় যে গণতান্ত্ৰিক ভাষা বুজি নাপায় এই চৰকাৰে । এই বিধেয়ক খন গৃহীত কৰিলে আমি যিকোনো পৰ্য্যায়লৈ যাব পাৰো৷ তেওঁ লগতে কয় যে ৬ জনগোষ্ঠীৰ বাবে যদি চৰকাৰৰ ইমানেই আন্তৰিকতা আছে, তেন্তে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰক।
কেৱল ভোটৰ অংকৰ বাবে জনজাতিকৰণৰ নামত ৰাইজক আভুৱা নাভাৰিব। সংবাদ মেলখনত সংগঠনসমূহৰ নেতৃত্বই কয় যে যিহেতু অহা ৭ তাৰিখে সংসদত উত্থাপন হব নাগৰিকত্ব সংশোধনী বিধেয়ক। সেয়েহে প্ৰতিখন জিলাত কাইলৈৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী চলাই নিয়া হ’ব৷
সংবাদমেলৰ যোগেদি প্ৰয়োজন সাপেক্ষে ৭০ সংগঠনে অৰ্থনৈতিক অৱৰোধ কৰিব আৰু যিকোনো পৰ্যায়টো এই আন্দোলনক লৈ যোৱা হ’ব বুলিও তেওঁলোকে ঘোষণা কৰে । ইয়াৰ পিছতো যদি চৰকাৰে অসমৰ লোকৰ কথা মানি নলয় তেন্তে সৰ্বাত্মক অসম বন্ধৰ আহ্বান জনাব ৭০ সংগঠনে।
ইফালে ছয় জনগোষ্ঠীৰ প্ৰসঙ্গটোক দিল্লী কা লাডু বুলি আখ্যা দি ইয়াক খালেও পস্তাবো, নাখালেও পস্তাবো'- বুলি মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে। তেওঁ লগতে কয় "জাতি বিক্ৰী কৰাৰ চৰকাৰৰ যি সিদ্ধান্ত তাৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ"। 'আমি জাতিক বচাম, তাৰ বাবে যি কৰিব লাগে সেয়া কৰিম, এইয়া ৭০ সংগঠনৰ সিদ্ধান্ত' । কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চমক দিবৰ বাবেই এইবোৰ কৰিছে বুলিও কৃষক নেতা গৰাকীয়ে মন্তব্য কৰে।
- Log in to post comments
- 33 views