# গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড।
# ৰোগী আৰু আত্মীয়সকলৰ মাজত হাহাকাৰ।
# জি এম চি এইচৰ প্ৰসূতী বিভাগত এই অগ্নিকাণ্ড।
# নতুন বিল্ডিঙৰ আই চি ইউত এই অগ্নিকাণ্ড সংঘটিত হয়।
# জুই লগা ঠাইত কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰক্ষীয়ে।
# অগ্নি নিৰ্বাপক বাহিনীৰ বিশেষ তৎপৰতা জুই নুমাবলৈ সক্ষম হৈছে।
# গেছ সালসলনি কৰাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ ।
# জি এম চি এইচত উপস্থিত হৈছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা ।
# আৰক্ষীয়ে জানিবলৈ দিয়া মতে কোনো শিশু হতাহত হোৱা নাই।
# ঘটনাস্থলীত উপস্থিত হৈছেহি আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ৷
# আইচিইউৰ এটা মেচিনৰ যান্ত্ৰিক বিজুতিৰ ফলতেই অগ্নিৰ সূত্ৰপাত হয়।
# বৰ্তমানো স্থানান্তৰ কৰি থকা হৈছে নৱজাতকসকলক। মুঠ ৬৮টা নৱজাতক আছিল।
- Log in to post comments
- 17 views