নলবাৰী জিলাৰ দৌলাশালত সন্ধিয়া সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ উদ্যোগত গোষ্ঠীটোৰ প্ৰতিমহীয়া সাহিত্য আলাপ 'বিৰিণা বৈভৱ' আৰু পদ্মশ্ৰী নলিনী বালা দেৱীৰ স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানতে যশস্বী গায়িকা সদ্যপ্ৰয়াত দীপালী বৰঠাকুৰলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাহিত্য সাংস্কৃতিক গোষ্ঠীটোৱে । উক্ত অনুষ্ঠানতে বিগত বছৰবোৰৰ দৰে ২০১৯ চনৰ বিৰিণা সাহিত্য বঁটা আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা ঘোষণা কৰা হয় ।
বিৰিণা গোষ্ঠী, অসমৰ সভাপতি-সম্পাদক ক্ৰমে লীলাধৰ পাঠক আৰু তফিকুৰ ৰহমানে এক বিবৃতিযোগে জানিবলৈ দিয়া মতে নলবাৰীৰ বিশিষ্ট কবি, প্ৰবন্ধকাৰ বিনয় কুমাৰ মজুমদাৰক বিৰিণা সাহিত্য বঁটা আৰু কামৰূপ জিলাৰ হাজোৰ বিশিষ্ট সংবাদসেৱী বিশ্বজিৎ দাসক বিৰিণা সংবাদ প্ৰহৰী বঁটাৰ বাবে নিৰ্বাচন কৰে । অহা ৩ ফেব্ৰুৱাৰীত গোষ্ঠীটোৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি গোষ্ঠীটোৱে জানিবলৈ দিয়ে ।
বঁটাত থাকিব নগদ ধনৰ উপৰিও গামোচা, চেলেং, জাপি, স্মাৰক-পত্ৰ, শৰাই, কিতাপৰ টোপোলা আৰু একোখনকৈ মানপত্ৰ । উল্লেখ্য যে দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত কালিৰ মনোজ্ঞ অনুষ্ঠানটো সঞ্চালনা কৰে বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে । গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰোহিণী কুমাৰ দাসে ।
পদ্মশ্ৰী নলিনীবালা দেৱী আৰু অসমৰ নাইটিংগেল দীপালী বৰঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ক্ৰমে প্ৰাক্তন ছাত্ৰ নেতা দিলীপ বৰ্মা আৰু দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই । উক্ত অনুষ্ঠানতে বৰপেটাৰ চেঙা জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য তথা বিৰিণা গোষ্ঠীৰ অসমৰ নিষ্ঠাবান কৰ্মী বসন্ত ঠাকুৰীয়াক বিশেষ সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানত বিশিষ্ট কবি পদ্মধৰ দাস, সুৰজিৎ পাঠক, বাবুল বণিক্য, আতিকুৰ ৰহমান, চাহজাহান আলী, চেলিম মালিক, বসন্ত ঠাকুৰীয়া, চানবৰ আলী, ৰোহিণী কুমাৰ দাস, ইছমাইল হুছেইন, ললিতা দাস, তফিকুৰ ৰহমানকে আদি কৰি কুৰিগৰাকী কবিৰ কবিতা পাঠ কৰাৰ লগতে নলবাৰী জিলা সাহিত্য সভাৰ সহঃসম্পাদক পংকজ বেজবৰুৱা, প্ৰাক্তন ছাত্ৰ নেতা খনীন পাঠক, শিক্ষক জেহেৰুল ইছলাম, নৱ কুমাৰ কলিতা, বনজিৎ বৈশ্য, ধনজিৎ বৈশ্য, অৱনী নাথ, ভৱেন কুমাৰ কলিতা, ৰোহিণী কুমাৰ দাস, বসন্ত ঠাকুৰীয়া আদি বিশিষ্ট ব্যক্তিসকলে পদ্মশ্ৰী নলিনীবালা দেৱীৰ স্মৃতিচাৰণ কৰাৰ লগতে সদ্য প্ৰয়াত দীপালী বৰঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
বিশিষ্ট নাট্যকাৰ তথা বিৰিণা গোষ্ঠীৰ উপদেষ্টা উদয় বৰ্মনে পঠিত কবিতাসমূহৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ লগতে নলিনীবালা দেৱীৰ কাব্য-দৰ্শন আৰু যন্ত্ৰণাময় জীৱনৰ গভীৰ অনুভূতিৰ ওপৰত এক তত্বগধুৰ বক্তব্য প্ৰদান কৰি দুয়োগৰাকী মহিয়সী নাৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এক নিৰিবিলি পৰিবেশত বৰপেটা আৰু নলবাৰী জিলাৰ দুকুৰিৰো অধিক কবি, লেখক আৰু বিশিষ্ট লোকৰ উপস্থিতিয়ে শীতৰ সন্ধিয়াটো জীপাল কৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় গোষ্ঠীটোৰ বিজ্ঞাপন সচিব সুৰজিৎ পাঠকে । সঞ্চালক লীলাধৰ পাঠকৰ বক্তব্যৰ পিছতে অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।
- Log in to post comments
- 27 views