কামাখ্যা ধামত অনুষ্ঠিত হৈছে পুহন বিবাহ

কামাখ্যা ধামত অনুষ্ঠিত হৈছে পুহন বিবাহ

ডবা-তালৰ ধ্বনিত মুখৰিত শক্তিপীঠ মা কামাখ্যা । কাৰণ কামাখ্যাত অনুষ্ঠিত হৈছে পৰম্পৰাগত পুহন বিবাহ। হাজাৰ হাজাৰ লোকৰ সমাগমেৰে উখল-মাখল নিলাচল পাহাৰ। কালিৰে পৰা মা-কামাখ্যা ধামত অনুষ্ঠিত হৈছে পুহন বিবাহ। পৰম্পৰাগত অনুযায়ী সোমবাৰে অধিবাস আৰু আজি অনুষ্ঠিত হৈছে বিবাহৰ কাৰ্যসূচী। 

কামাখ্যা ধামত অনুষ্ঠিত হৈছে পুহন বিবাহ

এই বিবাহ উপলক্ষে এতিয়া কামাখ্যা ধামত সমাগম ঘটিছে হাজাৰ হাজাৰ লোকৰ। সম্পূৰ্ণ অসমীয়া ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হৈছে বিবাহ কাৰ্যসূচী। 

পুহ মাহৰ উচ্চা নক্ষত্ৰৰ দ্বিতীয়া অথবা তৃতীয়া তিথি সংযুক্তত এই উৎসৱ পালন কৰা হয়। পূৰ্বৰ দৰে এইবেলিও আয়োজন কৰা হৈছে এই বিবাহ উৎসৱ। 

কামাখ্যা ধামত অনুষ্ঠিত হৈছে পুহন বিবাহ

পৌৰাণিক আখ্যান মতে দেৱী কামেশ্বৰী আৰু শিৱৰ মাজত চলি আহিছে এই বিবাহ পদ্ধতি আৰু আহোম ৰজাৰ দিনৰ পৰায়ে এনেদৰেই অনুষ্ঠিত হৈ আহিছে এই পুহন বিবাহৰ। 

ইফালে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে কামাখ্যা মন্দিৰ চৌহদ। ইয়াৰ উপৰিও সকলোৰে বাবে প্ৰসাদ আৰু বিশেষ আহাৰৰ ব্যৱস্থা কৰিছে দেৱালয় কৰ্তৃপক্ষই। উল্লেখযোগ্য যে পৰম্পৰাগত অনুযায়ী বুধবাৰে অনুষ্ঠিত হ'ব বাহি বিবাহ।

Your Comments