কামাখ্যা ধামত অনুষ্ঠিত হৈছে পুহন বিবাহ

w

ডবা-তালৰ ধ্বনিত মুখৰিত শক্তিপীঠ মা কামাখ্যা । কাৰণ কামাখ্যাত অনুষ্ঠিত হৈছে পৰম্পৰাগত পুহন বিবাহ। হাজাৰ হাজাৰ লোকৰ সমাগমেৰে উখল-মাখল নিলাচল পাহাৰ। কালিৰে পৰা মা-কামাখ্যা ধামত অনুষ্ঠিত হৈছে পুহন বিবাহ। পৰম্পৰাগত অনুযায়ী সোমবাৰে অধিবাস আৰু আজি অনুষ্ঠিত হৈছে বিবাহৰ কাৰ্যসূচী। 

এই বিবাহ উপলক্ষে এতিয়া কামাখ্যা ধামত সমাগম ঘটিছে হাজাৰ হাজাৰ লোকৰ। সম্পূৰ্ণ অসমীয়া ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হৈছে বিবাহ কাৰ্যসূচী। পুহ মাহৰ উচ্চা নক্ষত্ৰৰ দ্বিতীয়া অথবা তৃতীয়া তিথি সংযুক্তত এই উৎসৱ পালন কৰা হয়। পূৰ্বৰ দৰে এইবেলিও আয়োজন কৰা হৈছে এই বিবাহ উৎসৱ। 

q

পৌৰাণিক আখ্যান মতে দেৱী কামেশ্বৰী আৰু শিৱৰ মাজত চলি আহিছে এই বিবাহ পদ্ধতি আৰু আহোম ৰজাৰ দিনৰ পৰায়ে এনেদৰেই অনুষ্ঠিত হৈ আহিছে এই পুহন বিবাহৰ। 

ইফালে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে কামাখ্যা মন্দিৰ চৌহদ। ইয়াৰ উপৰিও সকলোৰে বাবে প্ৰসাদ আৰু বিশেষ আহাৰৰ ব্যৱস্থা কৰিছে দেৱালয় কৰ্তৃপক্ষই। উল্লেখযোগ্য যে পৰম্পৰাগত অনুযায়ী বুধবাৰে অনুষ্ঠিত হ'ব বাহি বিবাহ।

Your Comments