বছৰটো শেষ হোৱাৰ লগে লগে আহি পালে পবিত্র বৰদিন।
সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী মহানগৰীটো এতিয়া বৰদিনক আদৰাত ব্যস্ত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল।
মহানগৰীৰ দোকান সমূহত এতিয়া ভৰি পৰিছে বৰদিনৰ ৰং বিৰঙী সা সামগ্ৰীৰে ।
লাইটিং ষ্টাৰ, চান্টাক্লজ , জিংগেলবেলচ , শ্নোবেল, খ্ৰিষ্টমাচ ট্ৰি আদি ক্ৰয় কৰিবলৈ আহিছে গ্ৰাহক সকল।
এইবাৰ ৫০ তকৈও অধিক ডিজাইনত উপলব্ধ হৈছে চান্টাক্লজৰ পোছাক। কোনোৱে যদি কিনিছে চান্টাক্লজ কোনোৱে আকৌ কিনিছে খ্ৰিষ্টমাচ ট্ৰি ।
এই চান্টাক্লজ সমূহৰ মূল্য ১০ টকাৰ পৰা ৩০০০ টকা পৰ্যন্ত । শ্নোবলসমূহৰ মূল্য ১০ টকাৰ পৰা ১০০ টকা।
লগতে বৰদিন উপলক্ষে বজাৰত উপলব্ধ হৈছে ডাঞ্চিংচান্টাক্লজ।
- Log in to post comments
- 19 views