উত্তৰ-পূবৰ গ্ৰাহকৰ বাবে কেভেণ্টাৰ ইউ এইচ টি গাখীৰ মুকলি

উত্তৰ-পূবৰ গ্ৰাহকৰ বাবে কেভেণ্টাৰ ইউ এইচ টি গাখীৰ মুকলি

বৃহস্পতিবাৰে গুৱাহাটীত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেভেণ্টাৰে মুকলি কৰিলে ইউ এইচ টি গাখীৰ । কোনো সংৰক্ষক ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিক উৎকৃষ্টতা আৰু সম্পূৰ্ণ পুষ্টিৰে সমৃদ্ধ, গ্ৰাহকক এক নিৰাপদ আৰু স্বাস্থ্যকৰ সামগ্ৰী আগবঢ়োৱা টেট্ৰা পেকৰ বীজাণুমুক্ত সংসাধন আৰু পেকেজিং প্ৰযুক্তি ব্যৱহৃত এই ইউ এইচ টি গাখীৰ । 

মুকলি অনুষ্ঠানটোত কেভেণ্টাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মায়ংক জালানে কয় যে 'কেভেণ্টাৰ মিল্ক' মুকলিৰ জৰিয়তে বিশ্বৰ উৎকৃষ্টতম প্ৰযুক্তি ব্যৱহাৰ কৰি গ্ৰাহকসকলক উচ্চমানৰ নিৰাপত্তা আৰু পৰিপুষ্টিৰ যোগান ধৰিবলৈ পাই আমি আনন্দিত । 

উত্তৰ-পূবৰ গ্ৰাহকৰ বাবে কেভেণ্টাৰ ইউ এইচ টি গাখীৰ মুকলি

ইউ এইচ টি গাখীৰ গ্ৰাহক, প্ৰস্তুতকৰ্তা, খুচুৰা ব্যৱসায়ী, খেতিয়কৰ লগতে পৰিৱেশৰ বাবেও সুফলদায়ক । প্ৰস্তুতকৰ্তাসকলৰ মতে এই গাখীৰ শীতলীকৰণ নকৰাকৈ দীৰ্ঘদিন ৰাখিব পৰা আৰু দূৰলৈ কঢ়িয়াব পৰাকৈ সুবিধাজনক বুলিও মায়ংক জালানে কয় । 

কেভেণ্টাৰ এগ্ৰ'ৰ ইউ এইচ টি মিল্কৰ মুখ্য কাৰ্যবাহী বিষয়া সৌৰভ জাজেদিয়াই কয়, 'ভাৰতৰ ইউ এইচ টি মিল্কৰ বজাৰখন ২০২৩ চনত ১০,০০০ কোটি টকাৰে সফলতাৰ দিশত আগুৱাই যাব বুলি আশা কৰা হৈছে । কেৱল পূব ভাৰততে যোৱা ৫ বছৰত ইউ এইচ টি মিল্কৰ বজাৰখন ২০%ৰো অধিক বিকশিত হৈছে ।' 

এই ইউ এইচ টি গাখীৰ উত্তৰ-পূব ভাৰতৰ গ্ৰহকসকলৰ বাবে ব্যয়সাধ্য হোৱাকৈ ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে ।

Your Comments