ৰাজ্যৰ কৃষকৰ বাবে অসম চৰকাৰৰ নৱবৰ্ষৰ উপহাৰ ৷ ১২৫ বছৰীয়া পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৩খন আঁচনি । 'আছাম ফাৰ্মাৰ্ছ ক্ৰেডিট ছাবচিডি' আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে কৃষকক ৰেহাই দিব কৃষি ঋণ ।
আনহাতে সুত অবিহনে এতিয়াৰ পৰা কৃষকে লাভ কৰিব কেচিচি ঋণ ৷ বুধবাৰে এক সংবাদমেলত এই কথা ঘোষণা কৰে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
লগতে ৰাজ্যত ৩খন নতুন মেডিকেল কলেজ স্থাপনৰ কথাও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পথৰুঘাটৰ কৃষক বিদ্ৰোহে ১২৫ বছৰত ভৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ৩খন নতুন আঁচনি হাতত লৈছে ।
তাৰে দুখন আঁচনি অৱশ্যে অস্থায়ী । প্ৰথম আঁচনিৰ নাম 'আছাম ফাৰ্মাৰ্ছ ছাবচিডি' । এই আঁচনিখনৰ অধীনত কৃষকক ঋণ ৰেহাই দিব ৰাজ্য চৰকাৰে ।
২০১৮ চনৰ ১ এপ্ৰিলৰ পৰা ২০১৯ চনৰ ৩১ মাৰ্চ পৰ্যন্ত বেংকত পৰিশোধ কৰা ঋণৰ ২৫ শতাংশ কৃষকক ঘূৰাই দিব আৰু সেইসকল কৃষকে সুত পৰিশোধ কৰিব নালাগে বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ।
'আছাম ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট ৰিলিফ' নামৰ দ্বিতীয় আঁচনিখনৰ অধীনত কৃষকসকলে ঋণৰ যিমান সুত দিলে সেই সুত তেওঁলোকক পুনৰ ওভতাই দিব । এই আঁচনিৰ জৰিয়তে ২ লাখ ৬২ হাজাৰ কৃষক উপকৃত হ'ব আৰু এই আঁচনিখন স্থায়ী বুলি সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ।
আনহাতে, ৰাজ্যত নতুনকৈ ৩খন মেডিকেল কলেজ স্থাপন কৰাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে ৭ জানুৱাৰীত নলবাৰী মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব ৷
আনহাতে, ৬ জানুৱাৰীত কোকৰাঝাৰ মেডিকেল কলেজৰ আৰু ৯ জানুৱাৰীত তিনিচুকীয়া মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব । সংবাদমেলখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা নামৰ এক আঁচনিৰ কথাও ঘোষণা কৰে ।
এই আঁচনিৰ জৰিয়তে পুনৰ ২৫০০ টকাকৈ লাভ কৰিব চাহ শ্ৰমিকসকলে । বিমুদ্ৰাকৰণৰ সময়ত ৭৫২খন বাগিচাত খোলা ৭২,১৪৮টা বেংক একাউণ্টত এই ধন সোমাব বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্বই ।
প্ৰথমবাৰ ২,৫০০ টকা নোপোৱা চাহ শ্ৰমিকসকলে এইবাৰ ৫০০০কৈ পাব আৰু এই ধনৰাশি ১৫ জানুৱাৰীত চাহ শ্ৰমিকক প্ৰদান কৰা হ'ব বুলিও লগতে উল্লেখ কৰে ।
ইয়াৰ উপৰি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ৫০টা আই চি ইউৰ কাম কৰি থকা হৈছে বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।
- Log in to post comments
- 209 views