মহানগৰবাসীৰ বাবে সুখবৰ ৷ অ'লা-উবেৰৰ পিছত এইবাৰ মহানগৰীত ৰেপিড' সেৱা । আজিৰে পৰা আৰম্ভ হ'ল ৩ টকীয়া বাইক পৰিবহণ সেৱা । প্ৰতি কিলোমিটাৰত ৩ টকা খৰচ কৰিয়েই এতিয়া আপুনি যাতায়াত কৰিব পাৰিব মহানগৰীত ।
মোবাইল এপত উপলব্ধ হ'ব এই সেৱা । অতি কম খচৰতে গুৱাহাটীত এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়া বাহনৰ সলনি দুচকীয়া বাহনত যাত্ৰা কৰিব পাৰিব মহানগবাসীয়ে ।
বাংগালুৰুৰ এক প্ৰতিষ্ঠান ৰেপিড’ৱে আজিৰে পৰা আৰম্ভ কৰিলে এই বাইক টেক্সী সেৱা । আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সন্মুখৰ ৱাকিং জ'নত এই ৰেপিড' সেৱাৰ শুভাৰম্ভণি কৰে শিক্ষা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।
এই সেৱাৰ শুভাৰম্ভণি কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰেপিড'ৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে হেলমেট ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ।
তাৎপৰ্যপূৰ্ণ কথা যে বাইক ৰাইডাৰ্ছে হেলমেট ব্যৱহাৰ নকৰিলে তথা বাইকত যাত্ৰা কৰা যাত্ৰীক যদি হেলমেট যোগান ধৰিব নোৱাৰে তেন্তে সেই ৰাইডাৰ্ছৰ অনুজ্ঞা-পত্ৰ কৰ্তন কৰি দিয়া হ'ব বুলি সকীয়াই দিয়ে মন্ত্ৰী ভট্টাচাৰ্যই ।
উল্লেখ্য যে অসমত দ্বৈত হেলমেটৰ সুবিধাটো বৰ্তমানলৈকে হৈ উঠা নাই । গতিকে এক সামাজিক সচেতনতা সৃষ্টিৰ বাবে ৰেপিড’ৱে পোন প্ৰথমবাৰলৈ বাইকসমূহত দ্বৈত হেলমেটৰ ব্যৱস্থা কৰিছে ।
বাইকত যাত্ৰা কৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেপিড’ৱে একোটাকৈ হেলমেটৰো ব্যৱস্থা কৰিছে বুলি ৰেপিড'ৰ অসমৰ মূল দায়িত্বত থকা সিদ্ধাৰ্থ সোণোৱালে জানিবলৈ দিয়ে ।
আনহাতে, খুব কম খৰচতে যাত্ৰীসকলে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দি সোণোৱালে কয়, দৈনিক হিচাপত ১৫ টকাকৈ তথা প্ৰতি কিলোমিটাৰত ৩ টকাকৈ নাইবা প্ৰতি মিনিটত ১ টকাকৈ যাত্ৰা কৰিব পাৰিব ৰেপিড' সেৱাত ।
বৰ্তমানলৈকে ৰেপিড' সেৱাত কামৰূপ মেট্ৰ’ৰ স্থানীয় শতাধিক ৰাইডাৰ্ছে নাম পঞ্জীয়ন কৰিছে আৰু প্ৰথম অৱস্থাত ১০০খন বাইকেৰে আজি এই সেৱাৰ আৰম্ভ কৰে ।
- Log in to post comments
- 154 views