পঞ্চায়ত নিৰ্বাচনত বদৰুদ্দিনৰ হেলিকেপ্টাৰৰ খৰছ দিছে বিজেপিয়ে । পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে টকা খৰচ কৰাৰ পাছতো বিজেপিৰ গৰাখহনীয়া আৰম্ভ হৈছে। ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ জয় হ'ব । ছত্তীশগড়, মধ্যপ্ৰদেশৰ নিৰ্বাচনত মোডীৰ মেজিকে কাম নিদিলে বিজেপিৰ নেতাসকল ভেজাল, দুই নম্বৰী ।
মই ৰাজনৈতিক ক্ষেত্ৰখনত নাথাকিলে বিজেপিৰ উৎপাত বাঢ়ি যাব। হিমন্ত বিশ্ব শৰ্মাক ভগবানেও বিশ্বাস নকৰে। বদৰুদ্দিন জীয়াই থাকিলে বিজেপিও থাকিব । প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰি এনেদৰে মন্তব্য কৰে। সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে- "হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক পুৰণা ৫০০, ১০০০ টকীয়া নোটৰ সৈতে তুলনা কৰিছিল । কিন্তু এতিয়া হিমন্তই প্ৰত্যুত্তৰ পালে । আচলতে কংগ্ৰেছৰ নোটকেইখন হে আচল নোট । বিজেপিৰ নোট ডুপ্লিকেট । বিজেপিৰ নোটবোৰ এতিয়া অচল হৈ পৰিছে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
হিমন্ত বিশ্ব শৰ্মাক খাই পাত ফলাৰ আখ্যা দি তৰুণ গগৈয়ে কয় আচলতে হিমন্ত বিশ্ব শৰ্মা খাই পাত ফল লোক । হিমন্তই কংগ্ৰেছৰ পৰাই ৫ টকা ১০০ টকা লৈ চলি আছিল। কিন্তু হিমন্ত কেইদিনমান পাছত অচল হৈ পৰিব । কংগ্ৰেছ মুক্ত কৰাৰ কথাটো আকাশত চাং পতাৰ দৰে । যিটো দলে স্বাধীনতা সংগ্ৰাম কৰিছিল সেই দলটোক ভাৰতবৰ্ষৰ মাটিৰ পৰা নাইকিয়া কৰা বা শিপা উঘালিব পাৰে তেনেহ'লে সেয়া এক অলিক কল্পনাৰ কথা বুলিও সংবাদমেলখনত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে মন্তব্য কৰে ।
আনহাতে বিজেপিৰ চৰকাৰ চলাব পৰা দক্ষতা আৰু ক্ষমতা নাই । ভুল হ'লে শিকিব পৰা প্ৰচেষ্টা মুখ্য মন্ত্ৰী আৰু অন্য নেতাৰ নাই বুলিও তৰুণ গগৈয়ে জনায়। বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ৰিপুন বৰাক আঁতৰোৱা নহয় বুলিও তেওঁ জানিব দিয়ে । আনহাতে এ আই ইউ ডি এফ দলৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে- এ আই ইউ ডি এফক শেষ কৰিবই লাগিব। কংগ্ৰেছ দলটো মুছলমানৰ দল বুলি বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ মন্তব্যত তেওঁ কয় যে হিন্দু লোকক ইতিকিং কৰিছে কিয়? কাৰণ তিতাবৰ, শিৱসাগৰত হিন্দুৱে কংগ্ৰেছক ভোট দিছে। ময়ো হিন্দুৰ ভোট পাইছে। বদৰুদ্দিন ফেঁটী সাপ, তাক মাৰিবই লাগিব আৰু তাক শেষ কৰাটোৱেই মোৰ একমাত্ৰ উদ্দেশ্য ৷
বদৰুদ্দিন যিমান দিন জীয়াই থাকে বিজেপিও সিমান দিন জীয়াই থাকিব৷ মমিনুল আৱালক ভৰিৰ তলত মাটি নথকা মানুহ বুলিও তৰুণ গগৈয়ে কয় । প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কমিছনৰ আশাত গুৱাহাটী বিমান বন্দৰ, তৈল ক্ষেত্ৰ ইত্যাদি ব্যক্তিগতকৰণ কৰিব বিচাৰিছে বিজেপিয়ে । সংবাদমেলখনত তৰুণ গগৈয়ে কয় যে নিৰ্বাচনত হাৰিলেও মই দিল্লীলৈ নাযাওঁ। মই অসমত থাকি বিজেপিক এবছৰত গিৰাইহে এৰিম। হিমন্তক ভগবানেও বুজি নাপায়, মানুহে ক'ত বুজি পাব বুলি উল্লেখ কৰি তেওঁ ৰাজনীতিতে থাকিব বুলিও কয় । ২০২১ চনত প্ৰয়োজনত নিৰ্বাচন খেলাৰ কথা কৈ গগৈয়ে আৰু কয় যে ৰাইজৰ আশীৰ্বাদ তেওঁৰ ওচৰত আছে। ৰাইজে বিচাৰিলে তেওঁ নিৰ্বাচন খেলাৰ কথা উল্লেখ কৰি কয় যে তেওঁ নাথাকিলে বিজেপিৰ উৎপাত বাঢ়ি যাব ।
দিব্যাংগৰ ওপৰত অমানসিক অত্যাচাৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এই ঘটনা ভাৰতবৰ্ষৰ বুৰঞ্জীত বিৰল বুলি উল্লেখ কৰে । তেওঁৰ শাসন কালত দিব্যাংগৰ ওপৰত কেতিয়াও লাঠি চালনা কৰিব দিয়া নাছিল বুলি উল্লেখ কৰি দিব্যাংগসকলৰ প্ৰতিশ্ৰুতি পালনত বৰ্তমানৰ চৰকাৰখন ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে৷ আনহাতে, চৰকাৰ আৰু যিসকল আৰক্ষী বিষয়াই এইবোৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও বিজেপি চৰকাৰক সকীয়নি প্ৰদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
- Log in to post comments
- 32 views