গুৱাহাটীত মুকলি কৰা হ'ল থলগিৰি, অসমীয়া হোৱাৰ গৌৰৱ নামৰ বিপণীখন ।
উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, গৰিমা শইকীয়া গাৰ্গ, মাষ্টাৰ চেফ অতুল লহকৰ, সমীৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনকে ধৰি অন্য বিশিষ্ট লোকসকল উপস্থিত থাকে ।
উল্লেখ্য যে থলগিৰিৰ স্বত্ত্বাধিকাৰী হ'ল লেখক-সাবাদিক মনোৰম গগৈ আৰু লেখিকা মনালিছা শইকীয়া । গুৱাহাটী মহানগৰীৰ লতাশিলত অৱস্থিত এই থলগিৰি বিপণীখন ।
অসমৰ বিভিন্ন প্ৰকাৰৰ থলুৱা চাউল, অসমৰ পৰম্পৰাগত জা-জলপান, পিঠাপনা সকলো সময়তে উপলব্ধ হোৱাৰ লগতে থলগিৰি বিপণীখনত খোৱা-বোৱাৰ ব্যৱস্থাও কৰা হৈছে ।
ইয়াৰ উপৰি অসমৰ থলুৱা শিপিনীৰ দ্বাৰা বোৱা সাজপাৰো পোৱা যাব থলগিৰি বিপণীত । উল্লেখ্য যে এই সাজপাৰসমূহ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে ডিজাইন কৰিছে ।
আনহাতে, ইয়াত গ্ৰাহকসকলে ৰুচি অনুযায়ী পঢ়িবৰ বাবে কিতাপৰ ব্যৱস্থাও কৰা হৈছে ।
- Log in to post comments
- 120 views