জ্যোতিষ কুমাৰ পাতিৰ
মঙ্গলবাৰে ৫ খন ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খালেও বুধবাৰে অসমত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত বিজেপিৰ উত্থান দেখিবলৈ পোৱা গ'ল। আঞ্চলিক দল অগপ আৰু বিৰোধী দল কংগ্ৰেছক পিছ পেলাই বহুসংখ্যক আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে শাসকীয় দলটোৱে।
যোৱা ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অসমত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ কালি পুৱা প্ৰায় ৮ বজাৰ পৰা চলা ভোট গণনাত ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে ডিব্ৰুগড়তো যথেষ্ট সংখ্যক আসনত অগ্ৰগতি লাভ কৰিছে গেৰুৱা দল বিজেপিয়ে। এই মুহুৰ্তলৈকে ডিব্ৰুগড় চৰকাৰী ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তীব্ৰ গতিত চলি আছে ভোট গণনা। উল্লেখযোগ্য যে জিলাখনৰ ২৩ খন জিলা পৰিষদ, ৯৩ খন আঞ্চলিক পঞ্চায়ত, ৯৩ খন গাঁও পঞ্চায়তৰ সভাপতি আৰু ৯৩০ খন ৱাৰ্ডৰ বাবে চলি আছে ভোট গনণা।
শেহতিয়া খবৰ অনুসৰি আঞ্চলিক পঞ্চায়তত শাসকীয় দল বিজেপিয়ে ৯ খন আসন, অগপই ১ খন, কংগ্ৰেছে ৪ খন, গাঁও পঞ্চায়তৰ সভাপতি পদত বিজেপিয়ে ১২খন, অগপই ১ খন, কংগ্ৰেছে ২ খন আসন লাভ কৰাৰ বিপৰীতে ৱাৰ্ড সদস্যত বিজেপিয়ে ১৩৯ খন, অগপই ২৩ খন, কংগ্ৰেছে ৫৪ খন আৰু চি পি আই (এম)য়ে ১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।
জিলা পৰিষদতো শাসকীয় দলটোৱে অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। ইপিনে শাসকীয় দলটোৰ অগ্ৰগতিৰ খবৰ পোৱা মাত্ৰেই বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ চৌহদত ৰৈ থকা সমৰ্থকৰ আনন্দল্লাস কৰি থকা পৰিলক্ষিত হ'ল। নৃত্য, গীতৰ জৰিয়তে পালন কৰিছে বিজয়সোৎসৱ।
- Log in to post comments
- 13 views