ঐতিহাসিক অসম আন্দোলনত নিজৰ জীৱন দানেৰে যিসকল মহান বীৰ ছহিদে অশেষ ত্যাগ স্বীকাৰ কৰিছিল সেইসকল পুণ্যাত্মাৰ অৱদানক সুঁৱৰি সোমবাৰে খানাপাৰাত অৱস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয় প্ৰাংগণত অসম চৰকাৰৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।
অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহণ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, চন্দন ব্ৰহ্ম, শক্তি মন্ত্ৰী তপন গগৈ, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, কামৰূপ জিলাৰ উপায়ুক্ত উপস্থিত থাকে ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়ালসকলক এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে । প্ৰথম পৰ্যায়ত গুলীবিদ্ধসকলক ২ লাখকৈ নগদ ধন দিয়াৰ কথা সদৰী কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে ।
লগতে মুখ্য মন্ত্ৰীগৰাকীয়ে অসম আন্দোলনৰ ওপৰত বিতং তথ্যসম্বলিত এখন গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে অসমৰ বিশিষ্ট পণ্ডিতসকলৰ সহায়-সহযোগিতা কামনা কৰে ৷ উল্লেখ্য যে গ্ৰন্থখন অসম চৰকাৰে প্ৰকাশ কৰিব ৷
অসম চুক্তিৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ অসম চৰকাৰে পৰ্যায় ক্ৰমে এটাৰ পিছত আনটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লোৱা বুলিও মন্তব্য কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
আনহাতে, এন আৰ চিৰ অভিযোগ দাখিলৰ দিন ১৫ ডিচেম্বৰৰ পৰা বৃদ্ধি কৰি এক মাহ বঢ়াই দিবৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন কৰাৰ কথাও মুখ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
- Log in to post comments
- 12 views