১০খন জিলা আৰু ৩টা মহকুমাত অনুষ্ঠিত হ'ব নিৰ্বাচন । পুৱা ৭ বজাৰ পৰা বিয়লি ৩বজালৈ হ'ব নিৰ্বাচন । প্ৰথম পৰ্যায়ত ভোট কেন্দ্ৰত হোৱা বিসংগতি দ্বিতীয় পৰ্যায়ত নহয় বুলি আশ্বাস নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাৰ । সকলো জিলা উপায়ুক্ত, এছ ডি অ' নিৰ্বাচনী বিষয়াক সষ্টম হ'বলৈ নিৰ্দেশ নিৰ্বাচন আয়ুক্তৰ । ১৫৯ জেদ পি চিৰ মুঠ ৯৪২৮ কেন্দ্ৰত চলিব ভোটগ্ৰহণ ।
ইয়াৰে ৩০৮১টা স্পৰ্শকাতৰ আৰু ১৮৬৬টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ বুলি চিন্তিত কৰিছে নিৰ্বাচন আয়োগে । দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৬৪২১৫১৮ । ইয়াৰে মহিলা ভোটাৰ ৩০৪৪৫০৪ আৰু পুৰুষ ভোটাৰৰ সংখ্যা ৩৩৭৭০১৪ । মুঠ ৩৫০৫৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত । ইফালে কংগ্ৰেছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত দাখিল কৰা অভিযোগৰ ওপৰত ব্যৱস্থা ল'ব নিৰ্বাচন আয়োগে।
- Log in to post comments
- 8 views