২০১৯ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত খিলঞ্জীয়া অধিকাৰ সুৰক্ষিত কৰা বাবে তিনিটা গুৰুত্বপূৰ্ণ দাবী লৈ আজি লতাশিল খেলপথাৰত অনুষ্ঠিত হ'ল "সচেতন ৰাইজৰ গণ সমাবেশ"। প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বানত এই সচেতন ৰাইজৰ গণ সমাবেশখন অনুষ্ঠিত হ'ল ।
উক্ত সমাবেশত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ খিলঞ্জীয়া লোকসকলে । লগতে অংশগ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়ক উপমন্যু হাজৰিকা
তেওঁলোকে ৰাজ্য চৰকাৰখনক ৩১ জানুৱাৰী ভিতৰত সমাধান কৰাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া তিনিটা দাবী হৈছে- পূৰ্বৰ পৰা থকা বিদেশীৰসকলৰ হাতত যাতে খিলঞ্জীয়াসকল সংখ্যালঘু নহয়। তাৰ বাবে মণিপুৰ বিধানসভা দৰে ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ আইনৰ ব্যৱস্থা কৰা । সেই অনুযায়ী ভূমি, চৰকাৰী সা-সুবিধা চাকৰি, বেপাৰ বাণিজ্য অনুজ্ঞা-পত্ৰ আদি সংৰক্ষণ কৰা ।
ঠিক একেদৰে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি প্ৰক্ৰিয়াত কিছু বিসংগতি ৰৈ গৈছে যাৰ পৰা বিদেশীসকলহে বেছি উপকৃত হৈছে তাৰ বাবে এন আৰ চি সম্পূৰ্ণ পুনৰীক্ষন কৰি বিসংগতিসমূহ নাইকিয়া কৰিব লাগে ।
অন্যহাতে আহিব খোজা বিদেশীসকল যাতে কোনো আইনৰ গইনা লৈ যাতে অসমলৈ আহিব নোৱাৰে তাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক বা তেনে দৰে সংস্থাপিত কৰা নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এই সমাবেশ ।
- Log in to post comments
- 5 views