এইবাৰ জাতীয় নায়কৰ চৰকাৰ নামিছে চৰকাৰী মাটি বেদখলত । শনিবাৰে অসম সংগ্ৰামী মঞ্চৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখনি সংবাদমেলত অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই এনেদৰে মন্তব্য কৰে। সংবাদমেলখন সম্বোধন কৰি সাধাৰণ সম্পাদকগৰাকীয়ে গুৱাহাটীৰ বশিষ্ঠ বৰসজাইস্থিত 'জল সম্পদ' বিভাগৰ ভূমিত বিজেপি দলৰ কৰ্মকৰ্তাই দলে বলে দখল কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে।
তেওঁ লগতে কয় যে এই ধৰণৰ কাৰ্যই চৰকাৰখনৰ স্ব-বিৰোধী স্থিতি ৰাইজৰ সন্মুখত উদঙাই দিছে। ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে বিজেপি নামৰ দলটোৰ কোনো নীতি আদৰ্শ বা আইনৰ প্ৰতি শ্ৰদ্ধা ভাব নাই। গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত এটুকুৰা মাটিৰ পট্টাৰ বাবে আন্দোলন কৰি নিজৰ প্ৰাণ হেৰুওৱা ছহিদসকলৰ পৰিয়াল বৰ্গৰ ওচৰত মুখ্য মন্ত্ৰীয়ে ক্ষমা খোজা উচিত । কাৰণ মাননীয় হৰি শংকৰ ব্ৰহ্ম কমিটিৰ পৰামৰ্শ লাভ কৰাৰ পাছতো চৰকাৰখনে খিলঞ্জীয়া মানুহখিনিৰ ভূমি স্বত্ব অধিকাৰ প্ৰদান কৰাৰ বাবে নতুন ভূমি আইন প্ৰস্তুতিৰ কাম আৰম্ভ কৰা নাই বুলিও তেওঁ মন্তব্য কৰে।
সংবাদমেলখনত অসম সংগ্ৰামী মঞ্চই চাৰিটা কৈ দাবী উত্থাপন কৰে। তেওঁলোকে উত্থাপন কৰা দাবী সমূহ হ'ল-
(১) হৰি শংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনত দিয়া পৰামৰ্শ মতে চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন ভূমি আইন প্ৰস্তুত কৰি তোলক । (
২) গুৱাহাটীত বিভিন্ন অব্যৱহৃত চৰকাৰী ভূমিত বছৰ বছৰ ধৰি ঘৰ সাজি বসবাস কৰি থকা বৈধ নাগৰিকসকলক মাটিৰ পট্টা প্ৰদান কৰক । (
৩) জল সম্পদ বিভাগে ২ ডিচেম্বৰ ২০১৮ তাৰিখে বশিষ্ঠ থানাত বিভাগীয় ভূমি দখল সম্পৰ্কে ৰুজু কৰা গোচৰৰ তদন্ত ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰিব লাগে । আৰু (৪) বিজেপি দলৰ কৰ্মকৰ্তাই কৰা এই চৰম উদ্ভণ্ডালিৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা ক্ষমা খুজিব লাগে ।
- Log in to post comments
- 24 views