বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখপাত্ৰ গৰাকীয়ে কয় ভাৰতীয় জনতা পাৰ্টীৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূল আৰু পঞ্চায়ত সমূহৰ সৰ্বাংগীন উন্নয়ন। তাৰেই ফলস্বৰূপে এইবাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ হাৰ প্ৰায় ৭৬-৭৯ শতাংশ বৃদ্ধি হৈছে। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰতা বিভাজনক লৈ তেওঁ মন্তব্য কৰে যে অগপ দলে ক্ষমতাৰ লোভত এই মিত্ৰতা ভংগ কৰিছে আৰু অগপৰ নেতাসকলে দলৰ কৰ্মীসকলক বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে ।
লগতে তেওঁ কয় অগপ দলে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰি গোপনে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰাটো অতি দুৰ্ভাগ্যজনক আৰু ইয়াৰ কাৰণে অসমৰ ইতিহাসত অগপ এটা বিশ্বাসঘাটক দল হিচাপে পৰিগণিত হ'ব ।
আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও তেওঁ মন্তব্য কৰে। বুধবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হোৱা বিসংগতিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পদত্যাগ কৰিব দিয়া মন্তব্যৰ কথা উল্লেখ কৰি ৰূপম গোস্বামীয়ে বৰাক কটাক্ষ কৰি কয় যে তিহাৰ জেলত থাকি অহা ৰিপুন বৰাৰ ন্যূনতম জ্ঞানকনো নোহোৱা হৈ গৈছে কাৰণ নিৰ্বাচনৰ সকলো কাম-কাজ মুখ্যমন্ত্ৰী য়ে নহয় বৰঞ্চ নিৰ্বাচনী আয়োগেহে পৰিচালনা কৰে।
- Log in to post comments
- 18 views