গুৱাহাটীৰ তাজ ভিভান্তাত অনুষ্ঠিত নীতি আয়োগৰ বৈঠক

ে

গুৱাহাটীত মঙ্গলবাৰে তাজ ভিভান্তা হোটেলত নিটি ফ'ৰাম বেনাৰত উত্তৰ-পূৱৰ বাবে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় ।  উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বিভিন্ন খণ্ডত ৰূপায়ণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ কাম-কাজ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে নীতি আয়োগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰাণালয়ে এই বৈঠকখনত মিলিত হয় । 

নীতি ফ'ৰামৰ বৈঠকখনত নীতি আয়োগৰ উপাধ্যক্ষ তথা উত্তৰ-পূৱৰ বাবে নীতি ফ'ৰামৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং, নীতি আয়োগ আৰু ড'নাৰ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে । নীতি আয়োগ, ড'নাৰ মন্ত্ৰাণালয় আৰু নৰ্থ-ইষ্টাৰ্ণ কাউন্সিলৰ উদ্যোগত এই বৈঠকখন অনুষ্ঠিত হয় ৷ ৰাজ্য চৰকাৰৰ পৰিবহণ আৰু উন্নয়ণ বিভাগে এই বৈঠকখনৰ আয়োজন কৰে ৷

বৈঠকখনত জিতেন্দ্ৰ সিঙে জনায় যে এতিয়াৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ড'নাৰ মন্ত্ৰণালয়ৰ অধীনত হ'বলগীয়া প্ৰকল্পৰ পুঁজি কেন্দ্ৰই যোগান ধৰিব । এতিয়াৰে পৰা হ'বলগীয়া নতুন প্ৰকল্পত ১০০ শতাংশই কেন্দ্ৰৰ পৰা প্ৰদান কৰা হ'ব বুলিও তেওঁ জানিব দিয়ে ।

Your Comments