জন্মদিন উপলক্ষে মহানগৰীৰ বশিষ্ঠ মন্দিৰত অসমৰ ৰাজ্যপাল জগদীশ মুখী ।
বশিষ্ঠ মন্দিৰত পুৱাতে পত্নীসহ আহি পূজা-অৰ্চনা কৰে ৰাজ্যপালগৰাকীয়ে ।
নিজৰ জন্মদিনটোত সপত্নীক বশিষ্ঠ বাবাৰ আশিস ল'লে ৰাজ্যপাল মুখীয়ে ।
ৰাজ্যপালগৰাকীক কামৰূপ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আৰু মন্দিৰ পৰিচালনা সমিতিয়ে আদৰণি জনায় ।
ৰাজ্যপালগৰাকীয়ে দেশৰ ভিন্ন প্ৰান্তৰ তুলনাত অসমৰ মানুহ ধাৰ্মিক বুলিও মন্তব্য কৰাৰ লগতে অসমৰ মন্দিৰসমূহৰ উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি মন্তব্য কৰে ।
বিগত বৰ্ষত উমানন্দ সেৱা কৰাৰ পিছতে এইবাৰ বশিষ্ঠ মন্দিৰত সেৱা জনায় ৰাজ্যপালগৰাকীয়ে ।
প্ৰায় ৩০ মিনিটোতকৈও অধিক সময় বশিষ্ঠ মন্দিৰত পূজা-অৰ্চনা কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ।
- Log in to post comments
- 12 views