"এন আৰ চিৰ অভিযোগ-আবেদন প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰক । ৰাজহুৱা কৰক এন আৰ চিৰ অভিযোগ-আবেদনৰ প্ৰক্ৰিয়া । বিধানসভাৰ ১২৬টা সমষ্টি খিলঞ্জীয়া লোকৰ বাবে সুৰক্ষিত কৰক ।
নাগৰিকত্ব সংশোধনী, ২০১৬ত যদি বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হয় তেনেহ'লে সলনি হ'ব অসমৰ জনগাঁথনি । অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল চৰকাৰে বহিৰাগত পুঁজিপতিৰ বাবে প্ৰণয়ন কৰিছে ভূমি সুৰক্ষা আইন ।"
শনিবাৰে মহানগৰীৰ হোটেল বৰাক ৰেছিডেন্সীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বিদেশীৰ নাম কৰ্তন আৰু নাগৰিকত্ব সংশোধনী আইন, ২০১৬ বাতিলকৰণৰ সন্দৰ্ভত এক ঘূৰণীয়া মেজমেলত এইদৰে নিজৰ অভিমত দাঙি ধৰে ১৪টাকৈ সংগঠনে ।
মেজমেলখনত উপস্থিত থাকি দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যিসকল বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ল সেইসকল বিদেশীৰ নাম কৰ্তনত অসম চৰকাৰ আৰু এন আৰ চিৰ কৰ্তৃপক্ষই অতি কৌশলগতভাৱে এটা পলিচী চলাই আছে ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা যাতে কোনো স্বদেশী বাদ পৰি যাব নোৱাৰে আৰু সাধাৰণ মানুহে অভাৱ-অভিযোগসমূহ দাখিল কৰিবলৈ যাতে সময় পায় তাৰ কাৰণে অহা ৩ ডিচেম্বৰ তাৰিখে প্ৰতীক হাজেলাক সাক্ষাৎ কৰাৰ কথাও জানিবলৈ দিয়ে ধৰ্মকান্ত গগৈয়ে ।
আনহাতে, প্ৰাক্তন সংগঠক হেমন্ত চাংমাই কয়- এন আৰ চিত বাদ পৰি যোৱা ৪০ লাখৰ বৰ্তমানলৈকে ৬ লাখ লোকেহে আবেদন কৰিছে । বাকী ৩৪ লাখ বিদেশীক চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ এটা সঠিক স্থিতি দিয়াটো প্ৰয়োজন ।
তেওঁ লগতে প্ৰশ্ন কৰে যে যিসকল বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ'ল তেওঁলোকক চিনাক্ত কৰাৰ বাবে অসম চৰকাৰ বা উচ্চতম ন্যায়ালয়ে কেনেধৰণৰ ব্যৱস্থা হাতত লৈছে ।
লগতে হেমন্ত চাংমাই কয় যে অসম বিধানসভাৰ ১২৬টা সমষ্টি খিলঞ্জীয়া লোকৰ বাবে সুৰক্ষিত কৰিব লাগে । মেজমেলখনত উপস্থিত থকা ১৪টা দলৰ মাথোঁ এটাই কথা- নাগৰিকত্ব সংশোধনী আইন, ২০১৬ বাতিল কৰক, অসম বিধানসভাৰ ১২৬টা সমষ্টি খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণ কৰিব লাগে, অসমৰ খিলঞ্জীয়া লোকৰ বাবে ভূমি সুৰক্ষা আইন নিশ্চিত কৰিব লাগে ।
মেজমেলখনৰ জৰিয়তে ভূমি সুৰক্ষা আইন নিশ্চিত নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে ১৪টা সংগঠনে ।
মেজমেলখনত দুৰ্নীতিবিৰোধী যুৱ-শক্তি অসম, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম গৰীয়া যুৱ পৰিষদ, সদৌ অসম জাতীয়তাবাদী গণ সন্মিলন, সদৌ অসম আইন ছাত্ৰ সংগঠন, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, টাই আহোম য়ুথ ফ'ৰাম, দুৰ্নীতিবিৰোধী, মানৱ অধিকাৰ, গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থা, মহিলা সমাজ কল্যাণ, প্ৰাক্তন সংগঠনৰ সংগঠক, জাতীয়তাবাদী উন্নয়ন পৰিষদ, অসমৰ লোকসকল উপস্থিত থাকে ।
- Log in to post comments
- 41 views