আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে বিপুল সংখ্যা গৰিষ্ঠতা লৈ বিজয় অর্জন কৰিবলৈ সক্ষম হ'ব । দুৰ্নীতি মুক্ত স্বৰাজ গঠনেই হ'ব আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ মূল অভিপ্ৰায় । শুক্ৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখনি সংবাদমেলৰ জৰিয়তে মুখপাত্ৰ স্বপনীল বৰুৱাই এইদৰে মন্তব্য কৰে ।
অসমত বিজেপি চৰকাৰে শাসনভাৰ লৈয়ে দুৰ্নীতি বিৰোধী অভিযান চলাই যি সুশাসন প্ৰতিষ্ঠাৰ শুভাৰম্ভ কৰিলে তাৰ ভিত্তিতেই এইবাৰ পঞ্চায়তসমূহতো সুশাসন প্ৰতিষ্ঠা কৰিবলৈকে ৰাইজে বিজেপিৰ সপক্ষে ভোটদান কৰিব বুলিও মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে দুৰ্নীতি মুক্ত আৰু স্বনির্ভৰশীল এক পঞ্চায়তিৰাজ ব্যৱস্থাই হে গ্ৰামাঞ্চলৰ দুখীয়া ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব পাৰিব ।
আনহাতে মহিলা, শিশু আৰু বৃদ্ধসকলৰ সবলীকৰণৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্যিক চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এইবাৰ পঞ্চায়তিৰাজ ব্যৱস্থাতো এনে সৱলীকৰণৰ বিশেষ ব্যৱস্থা লোৱাৰ বাবে পৰিকল্পনা কৰা হৈছে বুলিও মুখপাত্ৰ স্বপনীল বৰুৱাই মন্তব্য কৰে৷
- Log in to post comments
- 21 views