"ক'মাত আছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক-যুৱতীসকল আলফালৈ যোৱাৰ বাবে অসম চৰকাৰ জগৰীয়া । ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ শোষণ আৰু বঞ্চনা বৃদ্ধি হোৱাৰ বাবেই আলফালৈ ধাৱমান অসমৰ নৱপ্ৰজন্ম । এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে গৃহ বিভাগ তথা অসম আৰক্ষীয়ে ?" এই ভাষ্য দুৰ্নীতিবিৰোধী যুৱ-শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ ৷
বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত দুৰ্নীতিবিৰোধী যুৱ-শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে এক সংবাদমেলৰ আয়োজন কৰি এনেদৰে মন্তব্য কৰে ।
সাংবাদমেলখনত ধৰ্মকান্ত গগৈয়ে কয়- অসমৰ ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি, অসমৰ সামাজিক ব্যৱস্থাৰ প্ৰতি আস্থা নোহোৱা আৰু চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই আজিৰ প্ৰজন্মই জংঘললৈ গৈছে ।
আলফাৰ পৰিয়ালৰ মানুহ আলফালৈ যোৱাটোক হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাৰ পৰিয়ালকেন্দ্ৰিকতা আখ্য দিয়াৰ প্ৰসংগ উল্লেখ কৰি তেওঁৰ সন্তানে আদা বেপাৰ কৰিব চাগে বুলিও হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে গগৈয়ে ৷
আনহাতে, ক'মাত থকা লোকৰ দৰে অসমৰ মুখ্য মন্ত্ৰীয়ে পলায়নবাদী মনোভাব গ্ৰহণ কৰা বুলিও ধৰ্মকান্ত গগৈয়ে উল্লেখ কৰে ।
- Log in to post comments
- 30 views