যৌন কেলেকংকাৰীত অভিযুক্ত মন্ত্ৰী ৰাজেন গোহাঁইৰ চলিব গোচৰ নগাঁও আদালতত 

s

নগাঁও জিলাৰ দেউৰী গাঁৱৰ এগৰাকী মহিলাই কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে চাকৰিৰ প্ৰলোভনেৰে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছত ৰাজনৈতিক ক্ষমতা, ধনবল আৰু বাহুবলৰ জৰিয়তে নিজৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰ উঠাই লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ।

নগাঁও আৰক্ষীৰ পৰা মন্ত্ৰী গোঁহাই নিৰাপদ হ'লেও আদালতৰ পৰা তেওঁ ৰেহাই নোপোৱাটো নিশ্চিত হৈ পৰিছে । যাৰ বাবে এতিয়া অভিযুক্ত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইক বিপদে লগ এৰা নাই । নগাঁও আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰা বুলি এক সুত্ৰে জানিব পৰা গৈছে ।

আদালতে ইতিমধ্যে ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত পঞ্জীভূক্ত ২৫৯২/২০১৮ নম্বৰৰ গোচৰটোৰ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদনখনো অগ্ৰাহ্য কৰিছে আদালতে । লগতে নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰটো আদালতত চলোৱাৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে নগাঁও আৰক্ষীয়ে আদালতত দাখিল কৰা গোচৰটোৰ প্ৰতিবেদনত দুয়োপক্ষৰ বুজাবুজি হোৱা বুলি উল্লেখ কৰিছিল । আদালতে আজি গ্ৰহণ প্ৰাথমিক শুনানিৰ পিছত অহা ৮ জানুৱাৰী, ২০১৯ তাৰিখে গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰি সিদিনা ৰাজেন গোঁহাইক সোঁশৰীৰে আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দেউৰী গাঁৱৰ নিৱাসী তথা নগাঁও জিলা বিজেপি যুৱ মৰ্চাৰ এগৰাকী সক্ৰিয় সদস্যৰ পত্নীয়ে যোৱা ২৮ জুলাইত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰখনত মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, কেন্দ্ৰীয় ৰেলৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে চাকৰিৰ প্ৰলোভনেৰে তেওঁ আৰু ননদৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।

লগতে এই বুলিও অভিযোগ কৰিছিল যে গোঁহায়ে তেওঁৰ পৰিয়ালক ব্লেকমেইল কৰাৰ লগতে বিভিন্ন প্ৰকাৰে ভয়-ভাবুকি প্ৰদান কৰিছিল । এই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ভুক্তভোগী মহিলা গৰাকীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬ ধাৰাৰ অধীনত সাক্ষ্য গ্ৰহণ    কৰিছিল । যাৰ বাবে এই ধাৰাত ৰুজু গোচৰটো মীমাংসা যোগ্য নহয় বুলি আদালতে ইতিমধ্যে স্পষ্ট কৰি দিয়ে । 

Your Comments