নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ত বাতিল হ'ব নেকি বাংলাদেশৰ নাম ? বাংলাদেশৰ নাম কৰ্তন কৰিলে সমাধান হ'বনে অসমৰ সমস্যা? বাংলাদেশৰ নাম কৰ্তন কৰাৰ প্ৰশ্নটোক লৈ অসমৰ লোকসকলে আদৰণি জনাব নে সমালোচনামূলক দৃষ্টিভংগী আগবঢ়াব ?
এই প্ৰশ্নসমূহৰ সঠিক উত্তৰ গ্ৰহণ কৰাটো দৰকাৰ আৰু সেই কাৰণেই কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে দেওবাৰে এখন সংবাদমেলৰ আয়োজন কৰে।সাংবাদমেলখনত কৃষক নেতা অখিল গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ পৰা বাংলাদেশৰ নামটো কৰ্তন কৰিলে অসমৰ কাৰণে এটা ধনাত্মক কথা হ'ব ।
কাৰণ অসমলৈ মূলতঃ বাংলাদেশৰ পৰাই মানুহ আহিব । নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ মানুহৰ ভয়টো আফগানিস্তান বা পাকিস্তানক লৈ নহয় । অসমবাসীৰ শংকাটো মূলতঃ বাংলাদেশক লৈ বুলি তেওঁ ব্যক্ত কৰে ।
কিন্তু সংশোধনী বিধেয়কখনৰ পৰা বাংলাদেশৰ নামটো বাদ দিলেও অসমীয়া মানুহ নিৰাপদ নহয় । কাৰণ ভাৰত চৰকাৰে জাননী জাৰি কৰি ভাৰতত প্ৰৱেশ কৰে বহু মানুহক কিছু অধিকাৰ প্ৰদান কৰি থৈছে বুলিও অখিল গগৈয়ে মন্তব্য কৰে ।
সাংবাদমেলখনত অখিল গগৈয়ে জানিবলৈ দিয়ে যে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা লোকসকলে পাছপোৰ্ট আৰু ভিছা লৈ নহা ছয়টা ধৰ্মৰ লোক অবৈধ অনুপ্ৰৱেশকাৰী নহ'ব । আৰু এই লোকসকলে অসমত ছবছৰ থাকিয়েই ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ।
কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬, পাৰপত্ৰ ভাৰতত প্ৰৱেশ সংশোধনী বিধি, ২০১৫ আৰু বিদেশী সংশোধনী নিৰ্দেশ, ২০১৫ৰ পৰা যদি বাংলাদেশৰ নামটো কাটি দিয়া হয় তেনেহ'লে অসমৰ লোকসকল বাচিব বুলি সংবাদমেলৰ দ্বাৰা কৃষক নেতা অখিল গগৈয়ে জানিবলৈ দিয়ে ।
- Log in to post comments
- 54 views