নেছ'ৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ ছাত্ৰ সংগঠন ।
৭ ৰাজ্যৰ সাংসদ-মন্ত্ৰী-বিধায়কৰ সৈতে মিলিত হ'ব নেছ' ।
জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতাৰে গুৱাহাটীত ২০ নৱেম্বৰত সাব্যস্ত কৰিব প্ৰতিবাদ ।
বুধবাৰে মহানগৰীৰ ছহিদ ন্যাসত সাংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে নেছ'ৰ অধ্যক্ষ চেমুৱেল জাইৰৱা তথা নেছ'ৰ নেতৃবৰ্গই ।
সাংবাদমেলখনত নেছ'ৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰি কয়, 'উত্তৰ-পূৰ্বাঞ্চল বাংলাদেশীৰ ডাষ্টবিন নহয় । মেঘালয়ে যিদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে, ঠিক তেনেকৈ বাকী ৰাজ্যবোৰে নকৰে কিয় ?
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা অসমৰ খিলঞ্জীয়া লোকসকল এতিয়া অকলশৰীয়া নহয় । কাৰণ এই আন্দোলনৰ বাবে এতিয়া সাতভনী ওলাই আহিছে ৷'
কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নাগৰিকত্বৰ জাননী, পাৰপত্ৰ জাননী আৰু দীৰ্ঘকালীন ভিছা প্ৰদানৰ বিৰোধিতা কৰি নেছ'ৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে কয় নাগৰিকত্ব আৰু পাৰপত্ৰ জাননী তথা দীৰ্ঘকালীন ভিছা প্ৰৱৰ্ত্তনেৰে কেন্দ্ৰীয় চৰকাৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীসকলক সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে । যাৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব ।
আনহাতে, উত্তৰ-পূবৰ জনপ্ৰতিনিধিসকলক ৰাইজৰ স্বাৰ্থ দলতকৈ আগত বুলি মনত ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনায় উপদেষ্টাগৰাকীয়ে ।
বিধেয়কখনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি উপদেষ্টাগৰাকীয়ে জনায় যে ২০ নৱেম্বৰত গুৱাহাটীত প্ৰতিবাদ হোৱাৰ লগতে ৩০ নৱেম্বৰত পূৰ্বোত্তৰৰ ৭ ৰাজ্যৰ ৰাজধানীত হ'ব বিক্ষোভ কাৰ্যসূচী ।
লগতে শীতকালীন লোকসভাৰ অধিৱেশনৰ সময়ত নতুন দিল্লীতো বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিওৱা হ'ব ।
- Log in to post comments
- 30 views