''অসমৰ অস্তিত্ব ভংগ কৰিবৰ কাৰণে দিল্লী বা নাগপুৰে যি ষড়যন্ত্ৰ কৰিছে তাক আমি সফল হ'ব লৈ নিদিওঁ ।'' এই মন্তব্য কৃষক মুক্তিৰ নেতা অখিল গগৈৰ ৷ উল্লেখ্য যে অহা ১৬ নৱেম্বৰত ৰাজ্যৰ চাৰি প্ৰান্তৰ পৰা উলিওৱা সংকল্প যাত্ৰাৰ বাইক ৰেলী আহি গুৱাহাটীত উপস্থিত হ'ব ৷
কৃষক মুক্তি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যৰ ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত গ্ৰহণ কৰি অহা ধাৰাবাহিক কাৰ্যসূচাৰ অংশ হিচাপে ১৬ নৱেম্বৰত প্ৰতিবাদকাৰীসকলে জনতা ভৱনৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে গুৱাহাটীৰ স্থানীয় বাসিন্দাসকলক আহ্বান জনাইছে অখিল গগৈয়ে । দুঘণ্টাৰ বাবে ৰূপায়ণ কৰিবলগা এই প্ৰতিবাদী কার্যসূচী সম্পৰ্কে ব্যাখ্যা কৰি বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত আয়োজন কৰা এক সাংবাদমেলত এই আহ্বান জনায় কৃষক নেতা অখিল গগৈয়ে ।
সংবাদমেলখনত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে আমাৰ একতাত আতংকিত হৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছে বিজেপিৰ মুখপাত্ৰসকলে । আমাৰ প্ৰতিবাদ ধৰ্মক লৈ নহয় বুলিও তেওঁ জনায় । সংবাদমেলখনত অখিল গগৈয়ে কয় যে কেন্দ্ৰই বিদেশীক জাপি দিব বিচৰা আৰু আন্দোলন প্ৰতিহত কৰিব বিচৰা বাবেই আলফাৰ প্ৰতি আকৰ্ষিত হৈছে বহু যুৱক ।
আনহাতে, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্তমল্ল বৰুৱাৰ অভিযোগৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে কয় যে কংগ্ৰেছৰ ক'লাধনেৰে অসমৰ সংগঠনসমূহ চলি থকা নাই । বৰঞ্চ তেওঁহে কংগ্ৰেছৰ টকাৰে দালালি কৰি ছিণ্ডিকেট চলাই আছে । জয়ন্তমল্ল বৰুৱাই কোৱা কথাবোৰ তেওঁৰ নহয়, সেয়া বিজেপি দলৰহে ভাষ্য বুলিও অখিল গগৈয়ে মন্তব্য কৰে ।
আনহাতে, ১৬ নৱেম্বৰৰ বিক্ষোভ কাৰ্যসূচী চৰকাৰৰ ভয়-ভাবুকি প্ৰতিহত কৰি হ'লেও সফল কৰাৰ অংগীকাৰ কৰে । চৰকাৰে ৭০টা সংগঠনক নিঃশেষ কৰিবলৈ, তেওঁলোকৰ মাজত বিভেদ আনিবলৈ বহু টকা খৰচ কৰিছে যদিও তাৰ পৰিৱৰ্তে তেওঁলোকৰ একতা দৃঢ় হোৱা বুলিহে অখিল গগৈয়ে ব্যক্ত কৰে ৷
- Log in to post comments
- 38 views