জয়ন্ত মল্লৰ বিস্ফোৰক অভিযোগ : কংগ্ৰেছৰ ক'লা ধনেৰে চলে অসমৰ একাংশ সংগঠন

"অসম আন্দোলনে সু ফল নিদিলে অসমক। অসম আন্দোলনৰ বাবেই আজি এন আৰ চিৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ পৰিবৰ্তে  ১৯৭১ চন হ'ল।" এই গুৰুতৰ অভিযোগ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ । মুখপাত্ৰগৰাকীৰ আৰু অভিযোগ-কংগ্ৰেছৰ ক'লা ধনেৰে চলি আছে অসমৰ একাংশ সংগঠন । হিন্দু বাংলাদেশী ইছ‍্যুৰে পূৰ্ববংগীয় মুছলমানৰ প্ৰব্ৰজনৰ দৰে অসমৰ জ্বলন্ত সমস্যাক বিপথে নিয়াৰ ব্লুপ্ৰিন্ট ৰচিছে কংগ্ৰেছ, এ. আই. ইউ. ডি . এফ আৰু পূৰ্ব বংগীয়মূলৰ সংখ্যালঘুপ্ৰেমী সংগঠনে ।

বুধবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত এখনি সংবাদমেল যোগে জয়ন্ত মল্ল বৰুৱাই এনেদৰে মন্তব্য কৰে। বৰুৱাই জনায় যে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে বিজেপি দলে অসমক কেতিয়াও ' দ্বিতীয় ত্ৰিপুৰা' হ'বলৈ নিদিয়ে ।

a

অসম এদিন 'দ্বিতীয় ত্ৰিপুৰা' হ'ব বুলি যি সকল ৰাজনৈতিক দল বা সংগঠনে অসমৰ ৰাইজক ভয় খুৱাই আছে, সেইসকল লোকেই পৰিকল্পিতভাবে অসমক 'দ্বিতীয় কাশ্মীৰ' কৰিবলৈ জেহাদী সংগঠনে কৰা অহৰহ  ষড়যন্ত্ৰত জ্ঞাতে- অজ্ঞাতে সোমাই পৰিছে আৰু এই পৰিকল্পনাৰ মূল শক্তি এ আই ইউ ডি এফ বুলিও তেওঁ কয়। লগতে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে একাংশ সংগঠনৰ নেতাই আজৱ তথ্য দি অসমৰ ৰাইজক বিভ্ৰান্ত কৰিছে ।  

আৰু অসমৰ এই সংগঠনসমূহ কংগ্ৰেছৰ ক'লা ধনেৰে চলি আছে । বৰুৱাৰ ভাষাত,"আবেগেৰে দেশৰ উন্নতি নহয়।" বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'বগৈ বুলি জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে।

Your Comments