"অসম আন্দোলনে সু ফল নিদিলে অসমক। অসম আন্দোলনৰ বাবেই আজি এন আৰ চিৰ ভিত্তিবৰ্ষ ১৯৫১ চনৰ পৰিবৰ্তে ১৯৭১ চন হ'ল।" এই গুৰুতৰ অভিযোগ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ । মুখপাত্ৰগৰাকীৰ আৰু অভিযোগ-কংগ্ৰেছৰ ক'লা ধনেৰে চলি আছে অসমৰ একাংশ সংগঠন । হিন্দু বাংলাদেশী ইছ্যুৰে পূৰ্ববংগীয় মুছলমানৰ প্ৰব্ৰজনৰ দৰে অসমৰ জ্বলন্ত সমস্যাক বিপথে নিয়াৰ ব্লুপ্ৰিন্ট ৰচিছে কংগ্ৰেছ, এ. আই. ইউ. ডি . এফ আৰু পূৰ্ব বংগীয়মূলৰ সংখ্যালঘুপ্ৰেমী সংগঠনে ।
বুধবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত এখনি সংবাদমেল যোগে জয়ন্ত মল্ল বৰুৱাই এনেদৰে মন্তব্য কৰে। বৰুৱাই জনায় যে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে বিজেপি দলে অসমক কেতিয়াও ' দ্বিতীয় ত্ৰিপুৰা' হ'বলৈ নিদিয়ে ।
অসম এদিন 'দ্বিতীয় ত্ৰিপুৰা' হ'ব বুলি যি সকল ৰাজনৈতিক দল বা সংগঠনে অসমৰ ৰাইজক ভয় খুৱাই আছে, সেইসকল লোকেই পৰিকল্পিতভাবে অসমক 'দ্বিতীয় কাশ্মীৰ' কৰিবলৈ জেহাদী সংগঠনে কৰা অহৰহ ষড়যন্ত্ৰত জ্ঞাতে- অজ্ঞাতে সোমাই পৰিছে আৰু এই পৰিকল্পনাৰ মূল শক্তি এ আই ইউ ডি এফ বুলিও তেওঁ কয়। লগতে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে একাংশ সংগঠনৰ নেতাই আজৱ তথ্য দি অসমৰ ৰাইজক বিভ্ৰান্ত কৰিছে ।
আৰু অসমৰ এই সংগঠনসমূহ কংগ্ৰেছৰ ক'লা ধনেৰে চলি আছে । বৰুৱাৰ ভাষাত,"আবেগেৰে দেশৰ উন্নতি নহয়।" বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব নোৱাৰিলে এদিন বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'বগৈ বুলি জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে।
- Log in to post comments
- 5 views