অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত শিশু গ্ৰন্থ উৎসৱৰ আৰম্ভণি হয় ।
১৩ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে তিনিদিনীয়াকৈ এই শিশু গ্ৰন্থ উৎসৱৰ আয়োজন কৰা হৈছে । পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈছে এই উৎসৱ ।
অনুষ্ঠানটিত সাহিত্যিক-সাংবাদিক কনকসেন ডেকা, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, দীনেশ চন্দ্ৰ গোস্বামী উপস্থিত থাকে ।
শিশু গ্ৰন্থ উৎসৱৰ উদ্বোধন কৰি কনকসেন ডেকাই কয়, 'এই শিশু গ্ৰন্থ উৎসৱে শিশুসকলৰ কাৰণে জ্ঞানৰ ভঁৰাল মুকলি কৰি দিছে । ই এক আৰম্ভণিহে ।
আজিকালি শিশুসকল যন্ত্ৰ হৈ গৈ আছে । সিহঁতে ককা-আইতাৰ মৰমবোৰ বুজি নোপোৱা হৈছে ৷'
আনহাতে, লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে তেওঁলোকৰ শৈশৱত মইনামেলৰ গুৰুত্ব পাহৰিব নোৱাৰাৰ কথা স্মৰণ কৰি কয়, 'আমাৰ শৈশৱবোৰ কল্পনাৰ আছিল। কিতাপবোৰ পঢ়ি আমি সেই কল্পনাৰ জগতখনত ঘূৰি ফুৰিছিলোঁ ।
এতিয়া শিশুসকলৰ জ্ঞানৰ পৃথিৱীখন বেলেগ । আৰু তাৰ কাৰণে তেওঁলোকৰ মানসিক পৰিৱৰ্তনো ঘটিছে ৷'
- Log in to post comments
- 6 views