সংখ্যালঘু লোকসকলক প্ৰাপ্যৰ পৰা বঞ্চিত নকৰে বিজেপি চৰকাৰে : মমিনুল আৱাল 

a

দেওবাৰে গুৱাহাটী হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেলত এই মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰ তথা বিজেপি সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ মমিনুল আৱালে । সাংবাদমেলখনত মমিনুল আৱালে কয় যে বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে এই চৰকাৰৰ দিনত বিশেষকৈ অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত সকলো ধৰ্মীয় সংখ্যালঘু লোকসকলে নিৰপদ অনুভৱ কৰিছে । 

লগতে তেওঁ জনায় অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পৰা সংখ্যালঘু জনসাধাৰণৰ ওপৰত চৰকাৰী অত্যাচাৰ বা সাম্প্ৰদায়িক ঘটনাৰ নিচিনা কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই। সংখ্যালঘুৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ১৩.২০ কোটি টকাৰ বাজেট অনুমোদন দিয়া কথাও সংবাদমেলখনত উল্লেখ কৰে মমিনুল আৱালে ।

Your Comments