মুখ্যমন্ত্ৰীলৈ মুকলি প্ৰত্যাহ্বান আছু নেতৃত্বৰ

s

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাসহ ২৮ টা সংগঠনে আজি মহানগৰীত প্ৰৱল বিক্ষোভ প্ৰদৰ্শন কৰে । বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য‌ই কয়,"আমি নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো কাৰণতে মানি নলওঁ । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল যে কোনো পৰিস্থিতিত অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত হবলৈ নিদিয়ে । কিন্তু আজি অসমীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ সময় সমাগত।

এই খিনি সময়ত মুখ্যমন্ত্ৰীৰ পৰা আমি তেওঁৰ স্থিতি স্পষ্ট কৈ বিচাৰিছোঁ। তেখেত বিলৰ সপক্ষে নে বিপক্ষে।" দিছপুৰত থকা সকলো দলৰে  জন প্ৰতিনিধিসকল অসমৰ খিলঞ্জীয়া লোকসকলৰ বিপক্ষে নে অবৈধ বাংলাদেশী ৰ সপক্ষে  বুলিও তেওঁ প্ৰশ্ন কৰে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰাই দিছপুৰৰ সকলোকে তেওঁ সকীয়াই দি কয় যে দিছপুৰে যদি বাংলাদেশীৰ পক্ষত কাম কৰে তেনেহলে কাকো ৰেহাই দিয়া নহ'ব।

Your Comments