আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে আজি গুৱাহাটী আমবাৰীস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক ।
উক্ত বৈঠকত উপস্থিত থাকে দলটোৰ বৰ্তমানৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফণীভুষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জ্যেষ্ঠ নেতা কমলা কলিতা প্ৰমুখ্যে দলটোৰ প্ৰায়সংখ্যক জ্যেষ্ঠ নেতাই ।
ইয়াৰ উপৰি এই বৈঠকত উপস্থিত থাকে দলটোৰ বিভিন্ন জিলা পৰ্যায়ৰ প্ৰতিনিধিবৰ্গ আৰু ভালেসংখ্যক তৃণমূল পৰ্যায়ৰ কর্মী । কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত বৈঠকখনত বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে নিজ নিজ অঞ্চলসমূহৰ অগপৰ দলীয় ভেটি সম্পৰ্কে বৈঠকখনত দাঙি ধৰে ।
আনহাতে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত জিলা পৰ্যায়ৰ কর্মীসকলে দলটোৱে কেনেদৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰে সেই বিষয়ে বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত বৈঠকখনত দাঙি ধৰে ।
লগতে জিলা প্ৰতিনিধিসকলে কেন্দ্ৰীয় নেতৃত্ব সন্মুখত বিজেপি চৰকাৰখনে মিত্ৰতাৰ সময়ত যিবিলাক প্ৰতিশ্ৰুতি তৃণমূল পৰ্যায়ত পালন কৰিব বুলি ঘোষণা কৰিছিল সেই প্ৰতিশ্ৰুতিসমূহক বৰ্তমান সময়ত কোনো গুৰুত্ব দিয়া নাই বুলি বিস্ফাৰক মন্তব্য কৰে ।
তেওঁলোকে লগতে অভিযোগ কৰি কয় যে যদিওবা কেন্দ্ৰীয় পৰ্যায়ত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা আছে, তৃণমূল পৰ্যায়ত কিন্তু উন্নয়নৰ দিশটোত অগপ আৰু বিজেপিৰ মাজত কোনো মিত্ৰতা নাই ।
যাৰফলত বহু অঞ্চলত অগপ কর্মীসকল অসন্তুষ্ট হোৱা বুলিও অৱগত কৰে । তাৰ ফলস্বৰূপে দলটোৰ প্ৰায়সংখ্যক জিলা প্ৰতিনিধিয়ে আগন্তক পঞ্চায়ত নিৰ্বাচনত দলটোৱে অকলেই অৱতীৰ্ণ হ'ব লাগে বুলি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় নেতৃত্বই আগন্তক পঞ্চায়ত নিৰ্বাচনত অগপই অকলেই অৱতীৰ্ণ হ'ব বুলি জিলা প্ৰতিনিধিসকলক এই বৈঠকতে স্পষ্টভাবে অৱগত কৰে ।
এই বৈঠকতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰতো তৃণমূল কর্মীসকলে কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত তেওঁলোকৰ ক্ষোভ ব্যক্ত কৰে । প্ৰয়োজন হ'লে চৰকাৰৰ লগত থকা মিত্ৰতা ভংগ কৰিব লাগে বুলিও তেওঁলোকে প্ৰকাশ কৰে ।
আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ সিদ্ধান্তও আজিৰ এই বৈঠকতে গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে দলটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।
উল্লেখ্য যে বৈঠকৰ আৰম্ভণিতে আজি অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে অসম প্ৰদেশ কংগ্রেছৰ নেতা ৰাফেল কুজুৰ, মজদুৰ কংগ্ৰেছৰ নেতা তথা সাংবাদিক বিক্ৰম এক্কা আৰু বিশিষ্ট জাতীয়তাবাদী নেতা কৃষ্ণকান্ত বৈশ্যই ৷
- Log in to post comments
- 13 views