প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি লামডিং ষ্টেচনত পৰিচয় বিহীন দুই যাযাবৰে হেৰুৱালে প্ৰাণ

A


নিউজ ডেস্ক:
প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি লামডিং ষ্টেচনৰ 1 নং প্লেটফর্মত পৰিচয় বিহীন দুই যাযাবৰে হেৰুৱালে প্ৰাণ।
লামডিং ৰেলৱে জংচনৰ প্লেটফৰ্ম নম্বৰ একত  পৰি ৰৈছে দুফালে দুটা মৃতদেহ ৷ শীতৰ প্ৰকোপত  কৰুন মৃত্যুক সাৱতি ললে জংচনটোত থকা এগৰাকী মহিলা আৰু এজন পুৰুষে  ৷ এখন কম্বলৰ অভাৱৰ বাবেই নিশা প্ৰচণ্ড ঠাণ্ডা সহ্য কৰিব নোৱাৰি  মৃত্যু  হোৱা ঘটনাত দুখ প্ৰকাশ কৰিছে সচেতন মহলে ৷ এজন ৫০ বছৰীয়া লোকে উৰে নিশা উলংগ হৈ পৰি ৰ'ল জংচনত ৷ আনফালে এগৰাকী ৪৫ বছৰীয়া  মহিলা পৰি ৰ'ল প্লেট ফৰ্মত।
বৰ্তমান ৰেল আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসা কেন্দ্ৰ লৈ প্ৰেৰণ কৰিছে।

 

Your Comments