গুৱাহাটী আৰ্টিষ্ট গীল্ডত ডা: ভূপেন ডেকাৰ আলোকচিত্ৰ প্ৰদৰ্শনী

A

নিউজ ডেস্ক:

সৰস্বতী ডি এন প্ৰকাশনৰ উদ্যোগত চানমাৰিৰ গুৱাহাটী আৰ্টিষ্ট গীল্ডত যোৱা ৩ জানুৱাৰীত অনুষ্ঠিত হয় বিশিষ্ট লেখক ডা: ভূপেন ডেকাৰ আলোকচিত্ৰ প্ৰদৰ্শনী। প্ৰদৰ্শনীখন উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী আমিনুল হকে। আলোকচিত্ৰ প্ৰদৰ্শনীখন উদ্বোধনৰ পাছত অনুষ্ঠিত হয় এখন সভা। সভাত ভাষণ প্ৰদান কৰি আমিনুল হকে ডা: ভূপেন ডেকাই জীৱন জগতৰ সাধাৰণ যেন লগা বিষয়সমূহক আলোকচিত্ৰৰ জড়িয়তে অসাধাৰণ ৰূপ দিয়া বুলি উল্লেখ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডা: ভূপেন ডেকাৰ আলোকচিত্ৰত কাব্যিকতা থকা বুলি হকে উল্লেখ কৰে। সভাৰ বিশিষ্ট অতিথি বিশিষ্ট কবি- সাংবাদিক বেদব্রত মিশ্ৰই ডা: ভূপেন ডেকাৰ আলোকচিত্ৰই গভীৰ অৰ্থ বহন কৰিছে বুলি উল্লেখ কৰে। ডা: ডেকাৰ আলোকচিত্ৰৰ শীৰ্ষকসমূহতো গভীৰ বুদ্ধিদ্বীপ্ততা লুকাই আছে বুলি মিশ্ৰই মন্তব্য কৰে। সভাত ভাষণ প্ৰদান কৰি ভূপেন ডেকাই সূক্ষ্ম পৰ্যবেক্ষণৰে আলোকচিত্ৰসমূহ তোলা বুলি মন্তব্য কৰে। আলোকচিত্ৰসমূহৰ জড়িয়তে সমাজৰ বাস্তৱ ছবিসমূহ দাঙি ধৰিবলৈ প্ৰয়াস কৰা বুলি তেওঁ মন্তব্য কৰে। বিশিষ্ট কবি নীলিমা ঠাকুৰীয়া হক, বিশিষ্ট সাংস্কৃতিক কৰ্মী কমল কটকীয়েও সভাত বক্তব্য প্ৰদান কৰে।  সাংবাদিক ৰাজকমল চাংকাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় সৰস্বতী ডি এন প্ৰকাশনৰ অন্যতম স্বত্বাধিকাৰী নৱজ্যোতি কলিতাই।

Your Comments