মৰাণ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে চৰকাৰৰ বিৰূদ্ধে অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাৰ হুংকাৰ তিনি মৰাণ জাতীয় সংগঠনৰ

A

নিউজ ডেস্ক:
মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচী ভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত গুৱাহাটী মহানগৰীৰ চছলত সদৌ অসম মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ যৌথ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী।দীৰ্ঘদিনৰে পৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্যজুৰি দাবী উত্থাপন হৈ আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই।কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱা আহিলা হিচাপে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক চৰকাৰে ব্যৱহাৰ কৰি আহিছে- এই মন্তৱ্য অসম মৰাণ সভাৰ উপ-সভাপতি বিৰিঞ্চি নেওগৰ।উল্লেখ্য যে চলিত বৰ্ষত
অসম বিধানসভা বাজেট অধিৱেশনত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত সোধা এক লিখিত প্ৰশ্নৰ উত্তৰত কয়-বর্তমান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰে  সৈতে এই পৰ্যন্ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত কোনো আলোচনা কৰা নাই।আনহাতে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইসময়ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন কৰি দিয়া কমিটিৰ পৰামৰ্শ সমূহো কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা নহল।
ইফালে চচলৰ প্ৰতিবাদ সাব্যস্ত কৰি মৰাণ জনগোষ্ঠীৰ তিনিটা সংগঠনৰ স্পষ্ট ঘোষণা শীঘ্ৰেই মৰাণসকলক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান নকৰিলে আগন্তুক দিনত তিনিচুকীয়া, ডিব্ৰুগড় জিলাত ভাৰত চৰকাৰৰ বিৰুদ্ধে গঢ়ি তোলা হ’ব অৰ্থনৈতিক অৱৰোধ।কাৰণ তিনিচুকীয়া, ডিব্ৰুগড় জিলাত উপলব্ধ হোৱা কয়লা, খাৰুৱাতেল আৰু অন্যান্য প্ৰাকৃতিক সম্পদ আহৰণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব- প্ৰতিবাদত অংশ লৈ নেওগে কয়।
'আমি দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ বাবে প্ৰতিবাদ কৰি আহিছো।২০১৯ চনত লোকসভাৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি ঘোষণা কৰিছিল কিন্তু বাস্তৱত দুটা বছৰ পাৰ হৈ গ’ল।ছয় জনগোষ্ঠী আজিও  প্ৰতাৰিত হৈয়ে ৰল'-মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে কয়।বিক্ষোভ কাৰ্যসূচীত মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা বৰা প্ৰমুখ্যে প্ৰায় অৰ্ধশতাধিক নেতা সদস্য উপস্থিত থাকে।

Your Comments