বৰপেটা চহৰত ৩দুৰ্বৃত্তৰ হাতত প্ৰাণ গ’ল অধিবক্তা ৰিনিমা বেগমক

A

নিউজ ডেস্ক:

ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য হত্যাকাণ্ড।তিনি দুৰ্বৃত্তই বৰপেটা চহৰৰ বিলৰতাৰী হাটীত সোমবাৰে হানি খুচি হত্যা কৰে এগৰাকী মহিলা অধিবক্তাক।চোকা অস্ত্ৰ ধাৰী দুৰ্বৃত্তৰ আক্ৰমণত নিহত মহিলা অধিবক্তাগৰাকী ৰিনিমা বেগম।সোমবাৰে সন্ধিয়া প্ৰায় ৭:৩০বজাত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।নিহত ৰিনিমা বেগমৰ ঘৰ বৰপেটাৰ পৰা আঠ কিলোমিটাৰ নিলগৰ ভেল্লাৰ সমীপৱৰ্তী বনবৰীয়া গাঁৱত।
প্ৰাপ্ত খবৰ মতে জ্যেষ্ঠ ভগ্নীৰ শাৰীৰিক অসুস্থতাৰ বাবেই  চিকিৎসকৰ ওচৰলৈ ৰিনিমাই সন্ধিয়া লৈ আহিছিল।চিকিৎসালয়ৰ পৰা ওলাই গাড়ীত উঠোতেই বাইকেৰে অহা তিনিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি-খুচি আক্ৰমণ কৰে মহিলা অধিবক্তা গৰাকীক।চোকাঅস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা ৰিনিমাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।আনহাতে আক্ৰমণৰ ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷
তাৎপৰ্যপূৰ্ণ কথা যে, অধিবক্তা গৰাকী পূৰ্বতেও আক্ৰমণৰ সন্মুখীন হৈছিল।দীৰ্ঘদিন ধৰি মাটি বাৰী সম্পৰ্কীয় এক বিবাদ চলি থকা বুলিও খবৰ ওলাইছে।ইফালে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Your Comments