১৩বছৰীয়া কিশোৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি নিলম্বিত লাহৰীঘাট থানাৰ এএছআই উপেন চন্দ্ৰ বৰদলৈ

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ আন এক লজ্জিত কাহিনী উন্মোচিত।লাহৰীঘাট থানাৰ ভিতৰত এটি ১৩ বছৰীয়া কিশোৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে  সহকাৰী উপ-পৰিদৰ্শক উপেন চন্দ্ৰ বৰদলৈয়ে।সামাজিক মাধ্যমত অকথ্য নিৰ্যাতন কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে লাহৰীঘাট থানাৰ বিষয়া গৰাকীক নিলম্বন কৰিছে।উল্লেখ্য যে বিস্কুট চুৰ কৰাৰ অভিযোগতেই কিশোৰটোক থানাৰ ভিতৰত নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল।কিশোৰজনে কাবৌ-কাকুটিৰে বিষয়া গৰাকীক মাফ খুজিছে যদিও গুণ্ডাৰূপী আৰক্ষীজন তিলমানো বিচলিত হোৱা নাছিল।গুৰুত্বপূৰ্ণ কথা যে সহকাৰী উপ-পৰিদৰ্শক গৰাকীয়ে কিশোৰটোক প্ৰহাৰ কৰাৰ সময়ত আৰক্ষীৰ পোছাকত নাছিল।এখন লুঙী আৰু এটা গেঞ্জী পৰিধান কৰি কিশোৰটোক নিৰ্দয়কৈ প্ৰহাৰ কৰিছিল।উল্লেখ্য যে , শেহতীয়াভাৱে অসম আৰক্ষীৰ একাংশ বিষয়া-জোঁৱানে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সতৰ্কবাণীলৈও তিলমানো সঁহাৰি জনোৱা নাই।কাৰণ কেইদিনমান পূৰ্বে গুৱাহাটী পল্টনবজাৰ কাণ্ডই ৰাজ্যৰ আৰক্ষী বিভাগক লজ্জিত কৰা ঘটনা মাৰ নাযাওঁতেই এইবাৰ লাহৰীঘাট থানাত সংঘটিত হৈছে আন এক লজ্জিত কাণ্ড।

Your Comments