জনতাক মাধমাৰ; ১এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

A

নিউজ ডেস্ক:

মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ মূৰত পুনৰ মূলবৃদ্ধিৰ মাধমাৰ।উৎকট গৰমৰ মাজতে ১এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল।প্ৰতি ইউনিটৰ মাছুল ৫৯ পইচাকৈ বৃদ্ধিৰ কথা সোমবাৰে ঘোষণা কৰে আসাম ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিটিৰ চেয়াৰ পাৰ্চন সঞ্জয় কৃষ্ণই।প্ৰতিবছৰ পহিলা এপ্ৰিলত বৃদ্ধি কৰা হয় বিদ্যুৎ মাচুল।২০২০-২১বৰ্ষৰ কোম্পানীৰ কামৰ ওপৰত নিৰ্ভৰ কৰি নিৰিখ নিৰ্ধাৰণ কৰা হৈছে।
উল্লেখ্য যে ,২০২০-২১বর্ষত কোভিডৰ বাবে যথেষ্ট প্ৰভাৱ পৰিছিল বিদ্যুৎ বিভাগত।৭৮০কোটি টকাৰ লোকচান হৈছিল  হৈছিল বিগত ২টা বছৰত।১৯১কোটি টকাৰ ৰাজহ লোকচান হৈছে বিভাগৰ।পূৰ্বৰ লোকচান পুনৰ ঘূৰাই অনাৰ বাবে বৃদ্ধি কৰা হৈছে এই ৫৯পইছাকৈ।
তাৎপৰ্যপূৰ্ণ কথা যে গৰমৰ সময়ত জনতাই অধিক ব্যয় কৰে বিদ্যুৎ।ৰাজ্যৰ অধিকাংশ অঞ্চলতে প্ৰয়োজন মতে উপলব্ধই নহয় বিদ্যুৎ।কিন্তু তাৰ পাছতো জনতাৰ মূৰত পুনৰ মাধমাৰ সোধাই বিভাগে সিদ্ধান্ত লৈছে মাচুল বৃদ্ধিৰ।

Your Comments