বিকি গুপ্তাৰ জামিন মঞ্জুৰ; আদালতত আৰক্ষীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ আৰক্ষীৰ দলবদ্ধ আক্ৰমণৰ সন্মুখীন হোৱা বিকি প্ৰসাদ গুপ্তাৰ জামিন মঞ্জুৰ।কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে মঞ্জুৰ কৰে জামিন।পল্টনবজাৰ আৰক্ষী থানাৰ ১৫১/২২নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি ২৯৪/৩২৫/৩৫৩/৩৪১ ধাৰাত কাৰাবন্দী হৈ আছিল গুপ্তা।পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আই অ’য়ে গুপ্তা ঘটনাৰে জড়িত নহয় বুলি আদালতত কৈ আৰক্ষীয়ে নিজৰ দোষ স্বীকাৰ কৰে ।এই কথা সংবাদ মাধ্যমক অৱগত কৰে বিকি গুপ্তাৰ পক্ষৰ অধিবক্তাই।
ইফালে বিকি গুপ্তাক পত্নী আৰু কণমানি কন্যা সন্তানৰ সন্মুখত প্ৰহাৰ কৰা ঘটনাত জড়িত ৫জনকৈ আৰক্ষীক চমন জাৰি কৰা বুলিও আদালতক জনায় পল্টনবজাৰ আৰক্ষী বিষয়াই।
উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে গুৱাহাটী পল্টনবজাৰত পত্নী-কন্যাৰ সন্মুখতে বিকি প্ৰসাদ গুপ্তাক আৰক্ষীয়ে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল হৈছিল।মটৰ চাইকেল আৰোহী বিকি প্ৰসাদ গুপ্তাক পল্টনবজাৰ যান-বাহন শাখা আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে প্ৰহাৰ কৰে।প্ৰত্যুত্তৰত আৰক্ষীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয়।ওচৰতে থকা অন্য বহুকেইজন আৰক্ষীয়ে বিকি প্ৰসাদ গুপ্তাক প্ৰহাৰ কৰে।আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হোৱাৰ অভিযোগত গুপ্তাক জেললৈ প্ৰেৰণ কৰা হৈছিল।
আনহাতে সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই গুপ্তাক প্ৰহাৰ কৰা অসম আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বনৰ লগতে পল্টনবজাৰ থানা যানবাহন শাখা আইচি উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছিল।
তাৎপৰ্যপূৰ্ণ কথা এই যে বিকি গুপ্তাৰ পত্নীয়েও ইতিমধ্যে আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত ১৫২/২২নম্বৰত গোচৰ ৰুজু কৰিছে।কিন্তু বৰ্তমানলৈ আৰক্ষী কনিষ্টবল গৰাকীক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলিও তেওঁ কয়।বিকি গুপ্তাৰ জামিন মঞ্জুৰৰ পিচতেই তেওঁৰ দাবী- আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰিব লাগে।

Your Comments