২৮-২৯মার্চত ৪৮ঘণ্টাৰ চকা বন্ধলৈ সমৰ্থন অসম মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ

A

নিউজ ডেস্ক:

সমগ্ৰ দেশৰ লগতে ২৮-২৯মার্চত অসমতো ৪৮ঘণ্টাৰ বাবে ব্যাহত হ’ব যাতায়ত ব্যৱস্থা।মটৰ শ্ৰমিক সংগঠন সমূহে মটৰ শ্ৰমিক কল্যাণ আঁচনি কাৰ্যকৰী কৰা, যান বাহনৰ অত্যাধিক জৰিমনা প্ৰত্যাহাৰ, কোভিডকালৰ সাহায্য মটৰ শ্ৰমিকসকলক প্ৰদান কৰাৰ দাবীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনসমূহে আহ্বান জনোৱা ২৮-২৯মাৰ্চৰ চকাবন্ধলৈ মুকলি সমৰ্থন জনাইছে অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে মঞ্চৰ হৈ প্ৰদীপ দাসে।উল্লেখ্য যে চকা বন্ধ সফল কৰাৰ বাবে জনতাৰ লগতে গাড়ীৰ গৰাকীসকলক আহ্বান জনাই দাসে কয়- বন্ধৰ সময়ছোৱাত পৰীক্ষাৰ্থী, গাখীৰ, পানীযোগান, বিজুলী, জৰুৰী-অত্যাৱশ্যকীয় সেৱাসমূহ ৰেহাই প্ৰদান কৰা হৈছে।গুৰুত্বপূৰ্ণ কথা যে লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা মটৰ শ্ৰমিকক ৰাজ্যচৰকাৰে কোন ধৰণৰ সাহায্য নিদিলে।দুটাকৈ বছৰ ঘৰতে বহি থাকি মটৰ শ্ৰমিকসকলে এতিয়া ৰাজপথলৈ ওলাই আহিছে।কিন্তু ৰাজ্য চৰকাৰে ৰাজকোষ টনকিয়াল কৰাৰ বাবে মটৰ শ্ৰমিকসকলক বাহনৰ অত্যাধিক কৰ আৰোপ কৰি জৰিমনা বিহিছে।যিসময়ত আৰ্থিক অনাতনত লাখ-লাখ গাড়ী চলাচল ইতিমধ্যে বন্ধ হৈছে।তেনে সময়ত যেনে তেনে চলাই থাকিব বিচৰা গৰাকীসকলক অত্যাধিক কৰৰ বোজা জাপি বাহনসমূহ বন্ধ কৰি দিয়াৰ উপক্ৰম ঘটাইছে।

Your Comments