গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সভা, কাৰ্যনিৰ্বাহক সমিতিৰ ১বছৰলৈ কাৰ্যকাল বৃদ্ধি

A

নিউজ ডেস্ক:

 গুৱাহাটী প্ৰেছ ক্লাবৰ এখন সাধাৰণ সভা প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয়৷ সভাপতি মনোজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে উদ্দেশ্য ব্যাখ্যা আৰু ২০২০-২১ বৰ্ষৰ হিচাপ দাখিল কৰে৷ বহুতো জ্যেষ্ঠ আৰু বিশিষ্ট সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত সভাত বিগত বিশেষ সাধাৰণ সভাত গৃহীত প্ৰস্তাৱৰ আধাৰত বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল এবছৰ বৃদ্ধিৰ সিদ্ধান্ত লয়৷ উল্লেখযোগ্য যে বিগত বিশেষ সাধাৰণ সভাত প্ৰস্তাৱ লোৱা হৈছিল যে 'গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকাল এবছৰৰ সলনি দুবছৰ হ’ব আৰু প্ৰয়োজন অনুসৰি এবছৰ বৃদ্ধি কৰা হ’ব৷’ কভিডকালীন পৰিৱেশৰ মাজত এইখন সমিতিয়ে কাৰ্যকাল চলাই নিয়াৰ বাবে আধৰুৱা আঁচনি পূৰ্ণ কৰাত সহায়ক হোৱাকৈ এবছৰ বৃদ্ধিত সভাই মতপোষণ কৰে৷ এবছৰ বৃদ্ধিৰ সিদ্ধান্তত  প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে সাধাৰণ সভাত উপস্থিত আটাইলৈ কৃতজ্ঞতা প্ৰকাশ কৰে আৰু নিষ্ঠাসহকাৰে আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ চেষ্টাত ত্ৰুটি নেৰে বুলি মতপোষণ কৰে৷

Your Comments