
নিউজ ডেস্ক:
গুৱাহাটী যান-বাহন শাখা আৰক্ষীৰ হাতত প্ৰহাৰ হোৱা বিকি প্ৰসাদ গুপ্তাক স-সন্মানে কাৰাগাৰৰ পৰা ঘূৰাই অনাৰ নিৰ্দেশ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ।আৰক্ষীক নির্দেশ প্ৰদান কৰি ডিজিপি মহন্তই কয়-জনতা আৰু আৰক্ষীৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰিবলৈ আৰক্ষীক দিয়া হৈছে দক্ষতা বিকাশৰ প্ৰশিক্ষণ।ঘটনাৰে জড়িত আৰক্ষী কেইজনে প্ৰশিক্ষণ গ্ৰহন কৰিছিল নে নাই চোৱা হ’ব।
আনহাতে পূৰ্বতকৈ অসম আৰক্ষীৰ ব্যৱহাৰ ভাল হোৱা বুলি উল্লেখ কৰি মহন্তই কয়- এই ঘটনা ব্যতিক্ৰম।
গুৰুত্বপূৰ্ণ কথা যে ,আৰক্ষী আৰু মটৰ চাইকেল আৰোহীৰ মাজত হোৱা খণ্ডযুদ্ধৰ পাছতে আৰক্ষীয়ে প্ৰহাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল গুপ্তাক।
- Log in to post comments
- 16 views