
নিউজ ডেস্ক:
'নিৰীহ মানুহৰ লগত আৰক্ষীৰ কথা-বতৰা খুব মৰম লগা, ধুনীয়া হ'ব লাগিব।অপৰাধীৰ লগত কঠোৰতকৈও কঠোৰ উদাহৰণ হ’ব লাগিব।গুৱাহাটীৰ পল্টনবজাৰ কাণ্ডৰ ভিডিঅ’ চাই কঠোৰ ব্যৱস্থা লবলৈ নিৰ্দেশ দিছোঁ'- এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।পল্টনবজাৰত গুৱাহাটীৰ ট্ৰেফিক আৰক্ষীয়ে মটৰ চাইকেল আৰোহীক অত্যাচাৰ কৰি জেললৈ নিছে ।ঘটনাৰ বাবে মহানগৰী ডিচিপিক জেললৈ গৈ ব্যক্তিগৰাকীক ক্ষমা খুজিবলৈ কৈছিলোঁ।এনে ঘটনা যাতে আৰু পুনৰাবৃত্তি নহয়।এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে আৰক্ষীক সতৰ্ক কৰি কয়।উল্লেখ্য যে হোলীৰ আগদিনা গুৱাহাটী পল্টনবজাৰৰ বিশাল মেগা মাৰ্টৰ সন্মুখত পত্নী আৰু কণমানি কন্যাৰ সন্মুখতে কৰ্তব্যৰত যান-বাহন শাখাৰ আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদে বিকি প্ৰসাদ গুপ্তাক প্ৰহাৰ কৰিছিল।মটৰ চাইকেলত অহা গুপ্তাক ট্ৰেফিক আইন উলংঘা কৰাৰ অপৰাধত প্ৰথমে অশ্ৰাৱ্য গালিগালাজ কৰি প্ৰহাৰ কৰিছিল কনিষ্টবল গৰাকীয়ে।কনিষ্টবল গৰাকীয়ে আক্ৰমণ কৰা দেখি উক্ত স্থানতে কৰ্তব্যত নিয়োজিত বহুকেইজন আৰক্ষী জঁপিয়াই পৰে মটৰ চাইকেল আৰোহী গৰাকী ওপৰত।তাৰ পাছতেই কনিষ্টবল গৰাকীৰ এজাহাৰৰ ভিত্তিত জেললৈ প্ৰেৰণ কৰা হয় মটৰ চাইকেল আৰোহীজনক।আনহাতে আক্ৰমণৰ সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাত অসম আৰক্ষীক বিভিন্নজনে কটু সমালোচনা কৰে।সাধাৰণ জনতাৰ ওপৰত জঁপিয়াই পৰা আৰক্ষীৰ বিৰুদ্ধে সামাজিক মাধ্যমত সৃষ্টি হোৱা জনমতৰ পাছতেই ঘটনাৰ সৈতে জড়িত আৰক্ষী কনিষ্টবল গৰাকীক নিলম্বন কৰা হয়।লগতে সমগ্র ঘটনা তদন্তৰ ঘোষণা কৰে।
ইফালে ঘটনাত জড়িত অন্য আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকে কৰা প্রশ্নত মুখ্যমন্ত্ৰীয়ে কয়-সমগ্ৰ ঘটনাৰ ভিডিঅ’ চাই থকা হৈছে।যাৰে চেহেৰা চকুত আহিব তেওঁৰ বিৰুদ্ধেই ব্যৱস্থা লোৱা হ’ব।কিন্তু মূল ঘটনা সংঘটিতকাৰী জনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো ভাল- শৰ্মাই কয়।
- Log in to post comments
- 7 views