
নিউজ ডেস্ক:
গাড়ীগাঁও কিশোৰী দলবদ্ধ ধর্ষণ কাণ্ডত অভিযুক্ত আৰু দুই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ।মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে কিশোৰী ধর্ষণকাৰী পোনা আলি আৰু ফইজুল আলিক ।উল্লেখ্য যে ইতিমধ্যে ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলি আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে।ইফালে আন দুই অভিযুক্ত ধৰ্ষণকাৰী বৰ্তমানো পলাতক হৈ আছে।
উল্লেখ্য যে ১৬ বছৰীয়া এগৰাকী কিশোৰীক যোৱা ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত পাঁচ লম্পটে দলবদ্ধ ধর্ষণ কৰিছিল।তাৰ পাছতে কিশোৰী গৰাকীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ।গুৱাহাটী পানবজাৰ মহিলা আৰক্ষী থানাত ১৯/২২নম্বৰ গোচৰ ৰুজু হৈছিল।গুৰুত্বপূৰ্ণ কথা যে , যোৱা ৮মার্চৰ পৰা পলাতক অৱস্থাত আছিল ধৰ্ষণকাৰী দুটা।
- Log in to post comments
- 32 views