বিজেপি অসমৰ ৰাজ্যসভাৰ প্ৰাৰ্থী পবিত্ৰ মাঘেৰিটা

A

নিউজ ডেস্ক:

অসমৰ ৰাজ্যসভাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ নাম ঘোষণা।পবিত্ৰ মাৰ্ঘেৰিটাক ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব প্ৰদান।উল্লেখ্য যে অহা ৩১মার্চত অনুষ্ঠিত হ’ব অসমৰ দুখন আসনৰ বাবে নিৰ্বাচন।তাৰে এখন আসনত বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে অন্যখন আসনত মিত্ৰজোঁট প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এলে প্ৰাৰ্থী থিয় কৰাব।
আনহাতে গুৰুত্বপূৰ্ণ কথা যে দ্বিতীয়খন আসনৰ বাবে বিৰোধী কংগ্ৰেছ দলেও থিয় কৰাব প্ৰাৰ্থী।কংগ্ৰেছৰ ৰাজ্যসভাৰ সম্ভাৱ্য প্ৰাৰ্থী হ’ব পাৰে ৰিপুন বৰা।ইফালে প্ৰথমখন আসনত বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই  বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো প্ৰায় চূড়ান্ত।

Your Comments