লংকাত পথ নিৰ্মাণত দুৰ্নীতি

A

নিউজ ডেস্ক: 
লংকাত পথ নিৰ্মাণত দুৰ্নীতি। স্হানীয় ৰাইজৰ লগতে খোদ পথ নিৰ্মাণৰ দায়িত্বত থকা ৰাজমিস্ত্ৰীয়ে  আনিলে এই অভিযোগ।
শাসনাধিস্হ  বিজেপি চৰকাৰৰ মন্ত্রী বিধায়কে বিজেপিৰ দিনত ৰাজ্যত উন্নয়ন মূলক কামৰ ক্ষেত্ৰত দুৰ্নীতি শূণ্য হৈছে বুলি মত ব্যক্ত কৰে ঠিকেই কিন্তু নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়া ঠিকাদাৰ সকল কিমান শূণ্য  দুৰ্নীতি পৰায়ন, তাৰ তদাৰক কৰিছেনে মন্ত্রীকে ধৰি স্হানীয় বিধায়কে। তেনে এক পথ নিৰ্মাণত দুৰ্নীতি হোৱাৰ ঘটনা পোহৰলৈ আহিছে লংকাত।পথ নিৰ্মাণত ঠিকাদাৰে নিম্নমানৰ কাম কৰি দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ স্হানীয় লোকৰ । উল্লেখ্য যে, লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিপলপুখুৰীৰ পৰা লংকা-লামডিং পথ সংযোগী পানাপথ নামেৰে নামাকৰণ কৰা  উক্ত গড়কপ্তানী পথছোৱাৰ ১৩০০ মিটাৰ পথ অসম চৰকাৰৰ গড়কপ্তানী বিভাগৰ SOPD(G) আচনীৰ ২০১৮-১৯ বৰ্ষৰ অধীনত ৯১ লাখ ৬২ হাজাৰ ৯৯৩ টকা ব্যয়ৰে কিছু দিনৰ পূৰ্বে নিৰ্মাণ হৈছিল।। স্হানীয় ৰাইজৰ ভাষ্য অনুসৰি,পথছোৱা সম্পূৰ্ণকে নিৰ্মাণ কৰি, যোৱা ২০-২৫ দিন মানৰ পূৰ্বে সম্পূৰ্ণকৈ ৰাইজৰ সুবিধাৰ্থে মুকলি কৰি দিয়া হয় পথটো। কিন্তু,উক্ত পথটোৰ মাজে মাজে বৰ্তমান চিৰাল ফাট।স্হানীয় ৰাইজৰ অভিযোগৰ সমান্তৰাল ভাবে পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা ৰাজমিস্ত্ৰীয়েও পথ নিৰ্মাণত নিম্নমানৰ কাম হোৱাৰ লগতে দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ঠিকাদাৰে নিধাৰিত সামগ্ৰীতকৈ কম পৰিমানৰ সামগ্ৰী দি পথ নিৰ্মাণ কৰিবলৈ দিছে বুলি অভিযোগ আনিছে পথ নিৰ্মাণত নিযোজিত ৰাজমিস্ত্ৰীয়ে ।আনহাতে, কাম শেষ কৰি উক্ত ৰাজমিস্ত্ৰী জনক  ঠিকাদাৰে পূৰ্বে বন্দবস্ত কৰা  অনুসৰি মজুৰি বৰ্তমানলৈকে আদায় নিদিয়াৰো অভিযোগ।এতিয়া প্ৰশ্ন হয় ,দুৰ্নীতি পৰায়ণ ঠিকাদাৰ জনৰ বিৰুদ্ধে স্হানীয় বিধায়কৰ লগতে দায়িত্বত থকা অসম চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগৰ উচ্চ বৰমুৰীয়া সকলে কি ব্যবস্থা লয় সেইয়া সময়তহে লক্ষ্যণীয় হ’ব। 

 

Your Comments